একেটা বছৰতে শ্বাহৰুখ খানৰ একেৰাহে দুখন ছবি। বছৰৰ আৰম্ভণিতে ‘পাঠান’ (Pathan) আৰু ছেপ্টেম্বৰ মাহত ‘জোৱান’। এতিয়াও ১০০০ কোটিৰ ব্যৱসায়েৰে ব্যৱসায়িক সফলতাৰ দিশে আগবাঢ়ি আছে পাঠান। কিন্তু ‘জোৱান’ (Jawan)-ও বহু পিছপৰি থকা নাই। অতি সোনকালে এই অঙ্ক স্পৰ্শ কৰিব ‘জোৱান’-এ। অৰ্থাৎ এয়া যেন শ্বাহৰুখ বনাম শ্বাহৰুখৰ (Shah Rukh) যুঁজৰ দৰে।
কিন্তু ছবি বিশেষজ্ঞসকলে এই সংখ্যা হিচাপ কৰি থকাৰ সময়তে ছলমান খানে ১০০০ কোটি টকাৰ বাজি ধৰিছিল। চলিত বৰ্ষৰ ডিচেম্বৰ মাহত আহিব তেওঁৰ ‘টাইগাৰ ৩’ (Tiger 3)। একে সময়তে মুক্তি পাব শ্বাহৰুখৰ ‘ডাংকি’ (Danky)। বক্স অফিচত দুই মেগা ষ্টাৰৰ ডুৱেল। এইবাৰ শ্বাহৰুখৰ দৰে ছলমানৰ লক্ষ্য ১০০০ কোটি (Salman’s target is Rs 1000 crore)!
‘টাইগাৰ’ মুক্তি পোৱাৰ সময়ত ছবিখনে ১০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰি চৌদিশে এক হুলস্থুলৰ সৃষ্টি কৰিছিল। শেহতীয়াকৈ গিপি গ্ৰেৱালৰ নতুন পাঞ্জাবী ছবি ‘মৌজা হি মৌজা’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ছলমানে কয়, “এতিয়া ১০০ কোটি ক্লাব তল পৰিছে। এতিয়া পাঞ্জাবী, হিন্দী বা আন যিকোনো উদ্যোগৰ বক্স অফিচৰ বেঞ্চমাৰ্ক ৪০০-৫০০ বা ৬০০ কোটিৰ ওপৰত হʼব।
মাৰাঠী ছবিয়েও এতিয়া সহজেই ১০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ফলত এই সময়ত ১০০ কোটি টকা উপাৰ্জন কৰাটো কোনো ডাঙৰ কথা নহয়। মই ভাবো এখন ছবিৰ বেঞ্চমাৰ্ক ১০০০ কোটি হʼব লাগে।” আনহাতে, ছলমানে অভিনয়ৰ পৰা বিৰতি লোৱা নাই যদিও যোৱা কেইবছৰমানৰ পৰা হিট ছবি দেখা নাই। ছলমানে এইবাৰ ‘টাইগাৰ ৩’ৰ ওপৰত বাজি ধৰিছে!