ASSAM TIMES POST
নিউজ ডেক্সঃ উন্নাও ধৰ্ষণ কাণ্ডত দোষী সাব্যস্ত বহিস্কৃত বিজেপি বিধায়ক কুলদীপ সিং ছেংগাৰক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে৷ ইয়াৰ ওপৰিও ক্ষতিগ্ৰস্ত পৰিয়ালটোক ক্ষতিপূৰণ বিচাপে প্ৰদান কৰিব লাগিব ২৫ লাখ টকা৷ উল্লেখ্য যে, ছেংগাৰৰ অধিবক্তাই আদালতৰ ওচৰত তেওঁৰ শাস্তিৰ ম্যাদ ১০ বছৰ কৰিবলৈ আৰ্জি জনাইছে৷ কিন্তু আদালতে কুলদীপ সিং ছেংগাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে৷ আজি দুপৰীয়া ২ বজাত দিল্লীত তিছহাজাৰি ক’ৰ্টে উন্নও ধৰ্ষণ কাণ্ডৰ দোষীক শাস্তি প্ৰদান কৰে৷

২০১৭ চনত উত্তৰ প্ৰদেশৰ উন্নাওত এগৰাকী কিশোৰীক ধৰ্ষণত দোষী সাব্যস্ত হৈছিল ছেংগাৰ৷ যোৱা সোমবাৰে তিছতহাজাৰি আদালতৰ ন্যায়াধীশ ধৰ্মেশ শৰ্মাই ছেংগাৰক দোষী সাব্যস্ত কৰিছিল যদিও শাস্তিৰ কথা ঘোষণা নাছিল৷ সেয়েহে আজি উক্ত গোচৰত ছেংগাৰক যাৱজ্জীৱন কাৰাদণ্ড আৰু ২৫ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ প্ৰদান কৰে আদালতে৷ উল্লেখ্য যে, শুনানিৰ সময়ত চিবিআইৰ অধিবক্তাই ন্যায়াধীশ ধৰ্মেশ শৰ্মাৰ ওচৰত উক্ত অপৰাধৰ বাবে যাৱজ্জীৱন কাৰাদণ্ডৰ আবেদন জনাইছিল৷












