![]()
আজি ৰাজ্য জুৰি চলা এক কোটি মূল্যৱান গছপুলি ৰোপন কাৰ্যসূচী অমৃত বৃক্ষ আন্দোলনৰ (Amrit Brikshya Andolan) প্ৰতি সঁহাৰি দি বোকাখাতৰো পৰিৱেশ সুৰক্ষা আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে বিভিন্ন ঠাইত গছ পুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি দপ্তৰৰ মন্ত্রী তথা বোকাখাতৰ স্থানীয় বিধায়ক অতুল বৰাই (Atul Bora)।

অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি আজি বোকাখাতৰ ৰজাবাৰী গাঁও পঞ্চায়ত চৌহদ আৰু ম’হমাইকী গাঁও পঞ্চায়ত চৌহদত কেইবাটাও মূল্যৱান গছৰ পুলি ৰোপণ কৰা হয়
আনহাতে অমৃত বৃক্ষ আন্দোলনৰ অধীনত বোকাখাত পৌৰসভাৰ উদ্যোগত ইন্দিৰা গান্ধী শিশু উদ্যান চৌহদতো মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত কেইবাটাও মূল্যৱান গছৰ পুলি ৰোপণ কৰা হয়। মন্ত্ৰীগৰাকীক গছপুলি ৰোপণ কাৰ্যসূচীত সংগ প্ৰদান কৰে বোকাখাতৰ মহকুমাধিপতি চিমী কৰণ, বোকাখাতৰ চক্ৰ বিষয়া চম্পক ডেকা, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈ প্ৰমুখ্যে ৰজাবাৰী আৰু ম’হমাইকী গাঁও পঞ্চায়তৰ সভাপতি তথা আঞ্চলিক পঞ্চায়তৰ সদস্য, অন্যান্য পঞ্চায়ত প্ৰতিনিধিসকল আৰু বোকাখাত পৌৰসভাৰ উদ্যোগত ইন্দিৰা গান্ধী শিশু উদ্যান চৌহদত আয়োজিত গছ পুলি ৰোপণ কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে পৌৰসভাৰ পৌৰপতি, পৌৰসভাৰ সদস্য, বোকাখাতৰ নির্বাচনী বিষয়া পৰীস্মিতা দিহিঙীয়া, বন সংমণ্ডল বিষয়া, স্থানীয় বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজ।
ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান (PM-ABHIM)ৰ অধীনত বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ৰ সমীপত স্থাপন হ’বলগীয়া বোকাখাত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নতুন ভৱনটোৰ আনুষ্ঠানিকভাৱে শিলান্যাস কৰে।













