চাৰি বছৰৰ ব্যৱধানৰ অন্তত পুনৰ পৰ্দালৈ উভতি আহি দুখনকৈ হিট ছবি উপহাৰ শ্বাহৰুখ খানৰ (Shah Rukh Khan)। তাকো ৰোমান্টিক নায়কৰ আৱৰণ ত্যাগ কৰি একচন ছবি। তাৰ ফলাফল বৰ্তমান হাতত। যোৱা জানুৱাৰী মাহত ‘পাঠান’ৰ সফলতাৰ ৯ মাহৰ পাছত অভিনেতাগৰাকী ‘জোৱান’ (Jawan) হৈ আহিছে। তেওঁ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ (Breaking all previous records) কৰিলে। এই ছবিখনে প্ৰথমদিনাই ভাৰতত ৭৫ কোটি টকা উপাৰ্জন কৰিছে। যিটো হিন্দী ছবিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হৈছে। কিন্তু দ্বিতীয়দিনা এই ছবিখনৰ আয় সামান্য হ্ৰাস পালে।
প্ৰথম দিনৰ হিচাপ ওলোৱাৰ পিছত সকলোৰে দৃষ্টি দ্বিতীয় দিনৰ বক্স অফিচ সংগ্ৰহৰ ওপৰত আছিল। দ্বিতীয়দিনা ‘জোৱান’-এ আটাইকেইটা ভাষাতে ভাৰতীয় বক্স অফিচত ৫৩ কোটি টকা উপাৰ্জন কৰে। অৰ্থাৎ ভাৰতীয় বজাৰত প্ৰথম দিনটোতকৈ এই ছবিখনে ২২ কোটি টকা কম উপাৰ্জন কৰিছে।
ছবিখনে প্ৰথমদিনাই বিশ্বজুৰি ১৫০ কোটি টকা সংগ্ৰহ কৰে। কেৱল হিন্দীতে প্ৰায় ৪৭ কোটি টকা উপাৰ্জন কৰিছে। অৰ্থাৎ দুদিনত এই ছবিখনৰ আয় প্ৰায় ১২৭.৫০ কোটি টকা (2days Collctions Rs 127.50 crore)।
একেৰাহে মুক্তি পোৱা দুয়োখন ছবিতে কেতিয়াবা ‘পাঠান’ আৰু কেতিয়াবা ‘জোৱান’ হিচাপে শ্বাহৰুখে দেশৰ হৈ যুঁজ দিছে। সন্ত্ৰাসবাদ বিৰোধী বাৰ্তা আছিল পাঠান ছবিখনৰ কেন্দ্ৰবিন্দু। ‘জোৱান’ ছবিখনত পৰিচালক এটলীয়ে কাহিনীটোত দেশৰ কেইবাটাও বাস্তৱ সমস্যা চিত্ৰায়িত কৰিছে। ফলত দৰ্শকৰ আৱেগৰো বান্ধ ভাঙি গৈছে। প্ৰেম উজাৰি দিছে দৰ্শকে।