ভবা মতেই যেন হৈছে৷ শ্বাহৰুখ খান (Shah Rukh Khan) বৃদ্ধ বয়সতো ‘জোৱান’ (Jawan) বুলি প্ৰথমদিনাই প্ৰমাণ কৰিলে। কিং খান আৰু নয়নতৰাৰ ছবিখনে মুক্তিৰ পাছত বক্স অফিচৰ সকলো অভিলেখ ভংগ কৰে। প্ৰথমদিনাই ঘৰুৱা সংগ্ৰহ ৬০ কোটিৰো অধিক। এটলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ ব্যৱসায়ত শ্বাহৰুখে তেওঁৰ ছবি ‘পাঠান’ৰ প্ৰথম দিনৰ অভিলেখো ভংগ কৰিছে।
আশা দিদিৰ জন্মদিন:
আশাৰ পোহৰত ৯০ বছৰৰ পাছতো তেওঁ বুজাই দিলে যে তেওঁৰ নাম এতিয়াও মেলোডী কুইনৰ আসনত লিখা আছে! শুকুৰবাৰে ৯০ সংখ্যক জন্মদিনত ডুবাইত অনুষ্ঠান পৰিৱেশন কৰে আশা ভোছলেয়ে। সাত দশকৰো অধিক সময় ধৰি বলীউডক জোকাৰি যোৱা জীৱন্ত কিংবদন্তিগৰাকীয়ে ব্ৰডৱে ষ্টাইলৰ এই অনুষ্ঠানটোত সকলো ধৰণৰ গীত গাবলৈ সাজু হৈছে। তেওঁ কয়, “আন বছৰবোৰত মই মোৰ জন্মদিনটো পৰিয়ালৰ সৈতে কটাওঁ। কিন্তু এই জন্মদিনটো সম্পূৰ্ণ বেলেগ। ৯০ বছৰ হ’ল! আৰু মই সদায় বেলেগ কিবা এটা কৰি ভালপাই আহিছো।”
চলমানৰ মন নাই?
দৰ্শকৰ মাজত বিগ বছ ১৭ক লৈ উত্তেজনাৰ অন্ত নাই। কাৰণ ছলমান খান। বৰ্তমান শুনা গৈছে যে এই টিভি শ্ব’টোৰ ছিজন ২০ অক্টোবৰৰ পৰা আৰম্ভ হʼব। ইফালে আহিছে ডাঙৰ শ্বক। গোটেই ছিজনটোৰ দায়িত্ব ভাইজনৰ নহয়! কাৰণ তেওঁৰ ব্যস্ততা। তেওঁৰ মনটো চিনেমাত। দীপাৱলীত মুক্তি পাব ‘টাইগাৰ ৩’। নৱেম্বৰ মাহত কৰণ জোহৰৰ নতুন ছবিখনৰো শ্বুটিং আৰম্ভ হ’ব।