ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত: বোকাখাত থানাৰ অন্তৰ্গত লখৌজানত কালি ৰাতি বনৰীয়া হাতীৰ আক্ৰমণত বিপুল দত্ত(৫৭) নামৰ এজন লোক গুৰুতৰ ভাবে আহত হয়। কাৰ্বি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ এটা বৃহত জাক লখৌজান অঞ্চলত সোমাই পৰে ।
মাজনিশা হাতী জাক খেদিবলৈ ৰাইজৰ লগতে বিপুল দত্তও ওলাই যায় । আগফালে হাতীৰ জাকটো খেদি ঘৰৰ পাছফালে দত্তই আহোতে জাকৰ পৰা ফালৰি কাটি থাকি যোৱা এটা হাতীয়ে শুৰেৰে আক্ৰমণ কৰে আৰু দত্ত বুকুত আৰু হাওঁফাওঁত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় ।
হাতী গাৱঁত সোমোৱাৰ খবৰ বন বিভাগক জনোৱা হৈছিল, নিশা সান্ধ্য আইন চলি থকা স্বত্বেও বন বিভাগৰ লোক গাৱঁত উপস্থিত হৈ হাতীৰ জাকটো পাহাৰৰ দিশে খেদি পঠিয়ায় । পুৱা গুৰুতৰ ভাবে আহত বিপুল দত্তক বন বিভাগৰ সহযোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও কামিহাড় ভাগি হাওঁফাওঁত আঘাট প্ৰাপ্ত হোৱা দত্তক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বুলি পৰিয়ালৰ পৰা জানিব পৰা গৈছে। আনহাতে আজি পুনৰ গাৱঁত প্ৰবেশ কৰা হাতীৰ জাকটো বাতৰি যুগুত কৰা পৰত লখৌজানৰ সমীপত অৱস্থান কৰি আছে ।











