![]()
কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনালে (Centre told the Supreme Court) যে ইচ্ছা কৰিলে যিকোনো দিনতেই জম্মু-কাশ্মীৰত নিৰ্বাচন (Jammu and Kashmir elections) অনুষ্ঠিত কৰিব পাৰে। কিন্তু কেতিয়া জম্মু-কাশ্মীৰৰ পূৰ্বৰ মৰ্যাদা (Pre-Status of Jammu and Kashmir) ঘূৰাই অনা সম্ভৱ হʼব সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক স্পষ্ট আশ্বাস দিয়াত ব্যৰ্থ হয় চৰকাৰ।
জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হয়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে সেইবোৰ একত্ৰিত কৰি শুনানি আৰম্ভ কৰিছে। প্ৰশ্ন-উত্তৰ আৰম্ভ হৈছে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰীয় চৰকাৰৰ হৈ কাশ্মীৰৰ পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰি কয়, “ৰাজ্যখনৰ শেহতীয়া ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে।

গতিকে পঞ্চায়ত আৰু নগৰ নিৰ্বাচনৰ পিছত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ কোনো সমস্যা নাই। অৱশ্যে ৰাজ্য আৰু কেন্দ্ৰীয় নিৰ্বাচন আয়োগে সিদ্ধান্ত লʼব কেতিয়া বিধানসভা নিৰ্বাচন অনুষ্ঠিত হʼব।”উল্লেখযোগ্য যে ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত নৰেন্দ্ৰ মোডী চৰকাৰে জম্মু-কাশ্মীৰ ৰাজ্যৰ ক্ষমতা কাঢ়ি লৈ কেন্দ্ৰীয়শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰে।
তুষাৰ মেহতাই এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কয়, “ইয়াক কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে গঢ়ি তোলাৰ সেই সিদ্ধান্ত অস্থায়ী সময়ৰ বাবে আছিল।” অৱশ্যে জম্মু-কাশ্মীৰৰ ৰাজ্যিক মৰ্যাদা কেতিয়া পুনৰ ঘূৰাই অনা হʼব সেই কথা স্পষ্টভাৱে উচ্চতম ন্যায়ালয়ক অৱগত কৰিব নোৱাৰিলে মেহতাই।










