বিগত তিনিমাহ ধৰি জ্বলি আছে মণিপুৰ (Manipur is burning)। হিংসাত্মক ঘটনাত বহু লোকে হেৰুৱাইছে ঘৰ-দুৱাৰ। হিংসা বিধ্বস্ত ৰাজ্যখনৰ পৰা দুশৰো অধিক লোকে নিজৰ প্ৰাণৰক্ষাৰ বাবে ম্যানমাৰত আশ্ৰয় লৈছিল। অৱশেষত ভাৰতীয় সেনাই নিৰাপদ অৱস্থাত সকলোকে মণিপুৰলৈ ঘূৰাই আনে। সূত্ৰ অনুসৰি, শুকুৰবাৰে বিয়লি ইম্ফলৰ পৰা ১১০ কিলোমিটাৰ দক্ষিণে অৱস্থিত ম’ৰেলৈ প্ৰায় ২১২ জন নাগৰিকক ঘূৰাই অনা (212 Meiteis who crossed over to Myanmar brought back) হয়।
মন কৰিবলগীয়া যে ইয়াৰে বেছিভাগেই মেইটেই সম্প্ৰদায়ৰ। ভাৰতীয় সেনাৰ অসম ৰাইফলছ আৰু গোৰ্খা ৰেজিমেণ্টৰ বিষয়াসকলে সীমান্তত আদৰণি জনায় উভতি অহা লোকসকলক। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ভাৰতীয় সেনাবাহিনীৰ এই কামৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শুকুৰবাৰে নিশা এক্সত (পূৰ্বৰ টুইটাৰ) তেওঁ লিখিছে, “মণিপুৰৰ অশান্তিৰ বাবে ম’ৰে টাউনৰ পৰা পলায়ন কৰা ২১২ জন ভাৰতীয় নাগৰিকক ম্যানমাৰৰ পৰা ঘূৰাই অনা হৈছে ।” মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে ভাৰতীয় সেনাক প্ৰশংসা কৰে ।