দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ (Rajib Gandhi) মতে, পাংগং হ্ৰদ পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই। সেয়ে ২০ আগষ্টত পিতৃৰ জন্মদিন উদযাপনৰ বাবে পুত্ৰ ৰাহুল গান্ধীয়ে (Rahul Gandhi) কটকটীয়া নিৰাপত্তাৰ বেষ্টনিত বাইকেৰে পাংগং হ্ৰদলৈ ৰাওনা হয়।

বৃহস্পতিবাৰে দুদিনীয়া লেহ-লাডাখ ভ্ৰমণলৈ গৈছে ৰাহুল গান্ধী। পিছলৈ এই ভ্ৰমণ ছয়দিনীয়া হয়। ইফালে শনিবাৰে পাংগং হ্ৰদ পোৱাৰ পূৰ্বে তেওঁক সম্পূৰ্ণ বেলেগ মেজাজত দেখা যায়। পিন্ধনত নীলা ৰঙৰ ফুল স্লীভ টি-চাৰ্ট, ৰাইডিং ট্ৰাউজাৰ। হেলমেট পিন্ধি স্প’ৰ্টছ বাইক চলাইছে ৰাহুলে। ইনষ্টাগ্ৰামত কেইবাখনো ছবি পোষ্ট কৰি তেওঁ লিখিছে, “মই পাংগং হ্ৰদলৈ ৰাওনা হʼলোঁ। দেউতাই কৈছিল এইখন পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই।”
সূত্ৰ অনুসৰি, শনিবাৰে ৰাহুল পৰ্যটন শিবিৰত থাকিব। তাৰ পিছত দেওবাৰে পাংগং হ্ৰদৰ সন্মুখত ৰাজীৱ গান্ধীৰ জন্মদিন পালন কৰিব। এই ভ্ৰমণৰ সময়ত ৰাহুলে লেহৰ প্ৰায় ৫০০ যুৱকৰ সৈতে কথা পাতে। শুকুৰবাৰে সাক্ষাৎ কৰে লাডাখ কংগ্ৰেছৰ নেতা-কৰ্মীৰ লগত। তাৰ পিছত তেওঁক ফুটবল খেলাও দেখা যায়।