ASSAM TIMES POST
ডিফুঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তৰ- পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেছ’ই আহ্বান জনোৱা ১১ ঘণ্টীয়া বন্ধৰ মাজত ৰাজ্য চৰকাৰৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী আজি ডিফু মেডিকেল কলেজৰ বিশেষ পৰ্যবেক্ষণ কৰিবলৈ আহি বন্ধৰ সমৰ্থক তথা সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলৰ প্ৰতিবাদ আৰু ক্ষোভৰ সন্মূখীন হব লগীয়া হয় ৷
ডিফু চিকিৎসা মহাবিদ্যালয় খনৰ মূল প্ৰৱেশ তোৰণৰ সন্মূখৰে অতিক্ৰম কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ক আছুৰ সমৰ্থক সকলে ক’ লা পতাকা প্ৰদৰ্শন কৰি হিমন্ত গ’ বেক, কেব আমি নামানো বুলি শ্লগান দিয়ে ৷৷ বন্ধ সমৰ্থক সকলক আৰক্ষীয়ে আটক কৰি ডিফু থানালৈ নিয়া সময়ত কাৰবি আংলং আৰক্ষীৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ দেহৰক্ষীয়ে আছুৰ প্ৰতিবাদকাৰী সকলক অশ্ৰাব্য গালি গালাজ কৰাৰ লগতে গুলীয়াই দিব বুলি ভাবুকি প্ৰদান কৰিছে বুলি সাংবাদিকৰ আগত আছুৰ কাৰবি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক সৰ্জোণ হাঞ্চেই জানিবলৈ দিছে ৷ আনহাতে আজি দিনটো বন্ধ সমৰ্থক সকলে ডিফু চহৰ আৰু ইয়াৰ আশে – পাশে বিভিন্ন ঠাইত টায়াৰ জলাই চৰকাৰৰ জাতি বিৰুধী সিদ্ধান্ত কেব বাতিলৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইয়াৰোপৰি কেইবাগৰাকী প্ৰতিবাদকাৰীক আৰক্ষী আটক কৰা বুলি জানিব পৰা গৈছে ৷ সংশোধীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ষষ্ঠ অনুসূচীত এলেকাত কেবৰ প্ৰভাৱ নপৰিব বুলি আশ্বাস দিয়াৰ পিছত কাৰবি আংলঙৰ সাধাৰণ জনতা কেবক লৈ চৰকাৰৰ সিদ্ধান্ত বিৰোধিতাৰে আজিৰ বন্ধক সৰ্বাত্মক কৰি তোলাটো বিশেষ তাতপৰ্য বহন কৰিছে ৷
আনহাতে আজি ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগ আৰু ৱাৰ্ড তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰাৰ পিছত ১১ ডিচেম্বৰৰ পৰা চিকিৎসা মহাবিদ্যালয়খনৰ আন্ত: বিভাগৰ কাম- কাজ আৰম্ভ হব বুলি কৈছে ৷ আনহাতে কাইলৈ মেডিকেল কাউঞ্চিল অব ইণ্ডিয়াৰ এটা দল চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ আহিব আৰু অহা শিক্ষাবৰ্ষৰ পৰা ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পাঠদান গ্ৰহণ কৰিব বুলি জানিব দিছে ৷












