ASSAM TIMES POST
ডিফু : পাহাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ভাবে পৰিছে ৷ আজি নেছ’ আৰু বিভিন্ন সংগঠনে আহ্বান জনোৱা ১১ ঘণ্টীয়া অসম বন্ধৰ কালছোৱাত আছুৰ সমৰ্থক সকলে ডিফুৰ বিৰলাৰ ঘাই পথত টায়াৰ জলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ স্বাস্থ্যমন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাৰ আজিকৰিবলগীয়া ডিফু ভ্ৰমণৰ সময়তে এই প্ৰতিবাদ ৷
আছুৰ সমৰ্থক সকলে ৰাজপথত ওলাই আহি ‘ কেব আমি নামানো, বিজেপি গ’ বেক , সৰ্হা তোমাৰ লাজ নাই, আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদ স্থলীৰ পৰা কাৰবি আংলং জিলাৰ আছুৰ সাধাৰণ সৰ্জুণ হাঞ্চেই কেবৰ বিৰোধিতা কৰি কয়যে, তেজৰ বিনিময়ত হলেও কেব অসমত হবলৈ নিদিয়ে ৷