![]()
বছৰটোৰ আৰম্ভণিতে ‘পাঠান’ৰ দৰে ব্লকবাষ্টাৰ ছবি উপহাৰ দিয়াৰ পিছত এইবাৰ আহি আছে ‘জোৱান’ (Jawan)। শ্বাহৰুখ খানৰ পুনৰ একচন আৰু মনোৰঞ্জনেৰে ভৰপূৰ ছবি (Shah Rukh Khan’s action-packed film)। ‘জোৱান’ৰ আনুষ্ঠানিক ঘোষণাৰ পিছৰে পৰা দৰ্শক আৰু অনুৰাগীয়ে ছবিখনৰ বাবে অপেক্ষা কৰি আছে। শেহতীয়াকৈ ছবিখনৰ প্ৰিভিউ মুক্তি পোৱাৰ পিছতে এই উত্তেজনা বৃদ্ধি পাইছে।
নয়নতৰা, দীপিকা পাডুকনৰ (Nayantara, Deepika Padukone) দৰে তাৰকা অভিনেত্ৰীৰ সৈতে ‘জোৱান’ ৰূপত ঘূৰি আহিছে শ্বাহৰুখ। ইতিমধ্যে প্ৰিভিউত তেওঁলোকৰ আভাস পোৱা গৈছে। প্ৰথমতে শুনা গৈছিল যে দীপিকাক ‘জোৱান’ত এটি গীতত দেখা যাব। কিন্তু এতিয়া খবৰ ওলাইছে যে শ্বাহৰুখ আৰু দীপিকাই এটা নহয় দুটা গীতৰ বাবে যুটি বান্ধিবলৈ ওলাইছে।

ছবিখনৰ প্ৰিভিউ চাই বুজিব পৰা গৈছে যে ‘জোৱান’ত একচন আৰু নৃত্য-গীতৰ অভাৱ নহʼব। দক্ষিণৰ জনপ্ৰিয় সংগীত পৰিচালক অনিৰুদ্ধই প্ৰিভিউৰ পৰিৱেশ আৰু গীতত নিজৰ চাপ ৰাখিছে। ‘কোলাবেৰী ডি’ৰ পৰাই যাত্ৰা আৰম্ভ কৰিছিল তেওঁ। এতিয়া তেওঁ দক্ষিণৰ মনোৰঞ্জন জগতৰ অন্যতম জনপ্ৰিয় সুৰকাৰ। কমল হাছানৰ ‘বিক্ৰম’ৰ দৰে ছবিৰ বাবেও সংগীত ৰচনা কৰিছে অনিৰুদ্ধই। প্ৰিভিউৰ পৰা স্পষ্ট যে তেওঁ ‘জোৱান’ত নিজৰ ‘মিউজিকেল টাচ’ ৰাখিবলৈ ওলাইছে। খবৰ অনুসৰি, ছবিখনত মুঠ ছটা গীত আছে। তাৰে দুটা গীতত থাকিব দীপিকা।
জানিব পৰা গৈছে যে ‘জোৱান’ত ‘ৰমাইয়া বাস্তাবাইয়া’ গীতৰ পুনৰ্নিৰ্মাণ হ’ব। এই গীতটোত শ্বাহৰুখৰ লগতে ছবিখনৰ আন ক্ৰু মেম্বাৰসকলেও অভিনয় কৰিব। মুম্বাইৰ যশৰাজ ষ্টুডিঅʼত শ্বুটিং কৰা হৈছিল গীতটি। জনপ্ৰিয় আৰু অভিজ্ঞ নৃত্য পৰিচালক বৈভী মাৰ্চেণ্টে গীতটিৰ নৃত্য প্ৰশিক্ষকৰ ভূমিকাত আছিল। অহা ৭ ছেপ্টেম্বৰত মুক্তি পাব ‘জোৱান’।













