ASSAM TIMES POST
ডিফু : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ উওৰ বৰবিল আৰক্ষী চকীৰ অন্তৰ্গত থকা ফুলনি বজাৰৰ পৰা প্ৰায় তিনি-চাৰি কিলোমিটাৰ নিলগত অৱস্থিত দক্ষিণ উত্তমজী গাঁওৰ নিবাসী বাসুক বসুমতাৰীৰ বাসগৃহটিত আজি সোমবাৰে পুৱা প্ৰায় ৯-০০ মান বজাত ৰন্ধন গেছ’ৰ চিলিণ্ডাৰ লিক হোৱা বাবে ভয়াৱহ অগ্নি কাণ্ড সংঘটিত হয় ।

উক্ত অগ্নি কাণ্ডত বাসগৃহটি সম্পূৰ্ণৰূপে জুইত জাহ যায়, যাৰ ফলত তেওঁৰ বাসগৃহৰ ভিতৰত থকা সম্পূৰ্ণ লাগতীয়াল সামগ্ৰী আচ-বাব এখন নতুন মটৰচাইকেল, মাটি বাৰীৰ কাগজ প্ৰত্ৰ, বিদ্যালয়ত অধ্যয়ন কৰি থকা তেওঁৰ দুজন লৰা ছোৱালীৰ কিতাপ প্ৰত্ৰ নগদ ধন ৪০-০০০ হাজাৰ আদি কৰি মুঠ প্ৰায় ৫ লাখ টকাৰ ক্ষতি সাধন হয় বুলি অনুমান কৰিব পাৰি বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।

বৰ্তমান ভূক্তভোগী পৰিয়ালটো দুখত ভাগি পৰিছে । পুৱাৰ ভাগত সংঘটিত হোৱা এই ভয়াৱহ অগ্নি কাণ্ডত জুই নুমোৱাৰ কাৰণে গাঁওখনৰ সকলো ৰাইজ ওলাই আহি তেওঁৰ বাৰীৰ নিজা পুখুৰীত পানীৰ মটৰ লগাই অৱশেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও তেওঁৰ সকলো সা- সম্পতি জুই জাহ যাই ।













