আজিৰে পৰা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ (KAAC) বনবিভাগৰ সকলো ধৰণৰ ৰাজহ সংগ্ৰহ পদ্ধতি অনলাইন (Forest Department Collection Method Online) প্ৰক্ৰিয়াৰে সম্পন্ন হব ৷ আজি ডিফুৰ আৰব’ৰেটাম আৰু ক্ৰাফ্ট চেন্টাৰৰ সভা কক্ষত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে (Dr. Tuliram Ronghang) আনুষ্ঠানিকভাবে মুকলি কৰে www.assamforestonline.in নামৰ ৱেৱচাইটটো (Open Website) ৷
সাংসদ হৰেণছিং বে’, বিধায়ক বিদ্যাছিং ইংলেঙ, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়া, পৰিষদৰ কেইবাগৰাকী ইএম এমএচি আৰু বনবিভাগৰ কেইবাগৰাকী বিষয়া-কৰ্মীৰ উপস্থিতিত মুকলি কৰা হয় এই অনলাইন ৱেব ছাইটটো ৷ ৱেৱ ছাইটটো সন্দৰ্ভত উপস্থিত থকা সকলক পাৱাৰ পইন্ট প্ৰেজেন্টেছনৰ সহায়ত বুজাই দিয়া ৷ বন বিভাগৰ অংশীদাৰ সকলে ৰাজহ জমাকে ধৰি, বালি, শিল, কাঠ আদিৰ টিপি চালান আদি এই ৱেৱ চাইটৰ জৰিয়তে সহজে অনলাইন কৰিব পাৰিব বুলি অৱগত কৰে কৰ্তৃপক্ষই ৷
অৱশ্যে উল্লেখিত ৱেৱ ছাইটো অসমৰ পৰিৱৰ্তে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে সুকীয়াকৈ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ৷ ইয়াৰ বাবে পৰিষদৰ অধীনস্থ বনবিভাগৰ বিষয়া-কৰ্মীসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয়যে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বিভাগসমূহত ই-গভৰনেন্স পদ্ধতি প্ৰচলনৰ স্বাৰ্থত আজি বনবিভাগৰ ৰাজহ সংগ্ৰহ বাবে আজি এই অনলাইন পদ্ধতি মুকলি কৰা হৈছে৷
ক্ৰমান্বয়ে পৰিষদৰ অধীনস্থ ত্ৰিশটা বিভাগৰ সকলো কাম -কাজ অনলাইন পদ্ধতিৰে কৰাৰ ব্যৱস্থা কৰা হ’ব৷ কাৰ্যালয়লৈ নোযোৱাকৈ সকলো বিভাগৰ ৰাজহকে ধৰি অনান্য কাম-কাজ অন লাইন পদ্ধতিৰে কৰা হব বুলি কয় ৰংহাঙে ৷ আপত্তি, বালি মহল, শিল মহলৰ আবণ্টন আদি কামসমূহ অনলাইনৰ জৰিয়তেই কৰা হ’ব মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে৷