৮৯ সংখ্যক হৰিভক্ত কটুৱালৰ জন্মজয়ন্তী উদযাপন (Haribhakta Katwal’s birth anniversary celebrated) উপলক্ষে আৰু ২০২৩ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তীৰ্ণ (Passed higher and higher secondary school) হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক (Meritorious students) সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (All Assam Gorkha Students Union) চমুকৈ আগছুৱে আজি ডিফুত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা (Formal felicitation at Diphu) জনায়৷
ডিফুৰ জয়ছিং দলৈ সোঁৱৰণী প্ৰক্ষেগৃহত আগছুৰ কাৰবি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক ঔম ছেত্ৰীয়ে আঁত ধৰা সভাখনৰ পৌৰুহিত্য কৰে আগছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি লক্ষী লিম্বুৱে৷ আদৰণি ভাষণ প্ৰদান কৰে আগছু কাৰবি আংলং জিলা সমিতিৰ মুখ্য উপদেষ্টা সুৰজ ছেত্ৰীয়ে৷ ইয়াৰ পূৰ্বে পুৱাৰ ভাগতে সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি লক্ষী লিম্বুৱে৷ সভাত ২০২৩ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰায় ৫ শত্ধিক ছাত্ৰ-ছাত্ৰীসকলত গোৰ্খা মাফলাৰ আৰু মানপত্ৰৰে সম্বৰ্ধা জ্ঞাপন কৰে৷
উক্ত সভাত মুখ়্য অতিথি হিচাপে উপস্থিত থাকে কাৰবি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে বিধায়ক দৰচিং ৰংহাঙ, কেইবাগৰাকী ইএম, এমএচি, এইছপপচিএফৰ সভাপতি লাইচেন ইংলেঙ, আগছুৰ কাৰবি আংলং জিলাৰ সমিতিৰ মুখ্য উপদেষ্টা সুৰজ ছেত্ৰী, কেএছএৰ সভাপতি থমছন ৰংপি, ভাৰতীয় গোৰ্খা পৰিষদৰ উপসভাপতি পুষ্পজন ছেত্ৰীকে প্ৰমুখ্য কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কয় যে, গোৰ্খা ছাত্ৰ সন্থাই এটি স্থায়ী কাৰ্যালয় আৰু কিছুমান দাবী জনাই পৰিষদৰ তেওঁৰ ওচৰত স্মাৰক পত্ৰ অৰ্পন কৰিছে৷ পৰিষদৰ বাজেটত এছঅ’পিডি পূঁজীৰ জৰিয়তে গোৰ্খা ছাত্ৰ সন্থাৰ বাবে এটি স্থায়ী কাৰ্যালয় স্থাপন কৰি দিয়াৰ লগতে এবছৰৰ ভিতৰত স্মাৰক-পত্ৰত থকা দাবীসমূৰ পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে৷
লগতে জিলাখনত উগ্ৰপন্থী সমস্যা সমাধানৰ লগতে সকলো ধৰণস সংঘাত নোহোৱা হোৱাৰ বাবে উন্নয়ন সম্ভৱ হোৱাৰ লগতে শৈক্ষিক সংস্কাৰ হৈছে৷ উচ্চ আৰু উচ্চতৰ মাধমযমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ শতকৰা হাৰ পাহাৰীয়া জিলাখন বেছি হৈছে ৷ ই এটা শুভ লক্ষণ ৷
আনহাতে আগছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি লক্ষী লিম্বুৱে কয় যে, আজি আগছুৰ কাৰবি আংলং জিলা সমিতিৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৫ শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ আগছুৱে নিজৰ এখন স্থায়ী কাৰ্যালয়ৰ লগতে গোৰ্খা হোষ্টলৰ স্থাপনৰ লগতে আন কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহ্ঙক অৰ্পণ কৰিছে৷
উক্ত দাবীসমূহ এবছৰৰ ভিতৰতে পূৰ্ণ কৰিব বুলি মুখ্য কাৰ্যবাহী সদস়্য গৰাকী দিয়া প্ৰতিশ্ৰুতি পালন কৰিব বুলি নেতাগৰাকী আশাবাদী বুলি কয় ৷ ইয়াৰোপৰি সভাখনত হৰিভক্ত কটুৱালৰ ৮৯ সংখ্যক জন্ম জয়ন্তী উপলক্ষে উপস্থিত বক্তা সকলে হৰিভক্ত কটুৱালৰ জীৱনাদৰ্শৰ ওপৰত বিস্তৃতভাবে আলোকপাত কৰে৷ ইয়াৰোপৰি হৰিভক্ত কটুৱালৰ প্ৰাতিকৃতিত ভক্তসকলে বন্তি প্ৰজলন আৰু পুষমপাঞ্জলীৰে গভীৰ শ্ৰদ্ধ্া নিবেদন কৰে৷