মণিপুৰত হিংসা (Manipur Violence) বন্ধ হোৱাৰ যেন নামেই লোৱা নাই। বৃহস্পতিবাৰে গভীৰ নিশা পুনৰ উত্তপ্ত হৈ পৰে মণিপুৰৰ ৰাজধানী ইম্ফল (Imphal)। ইম্ফলৰ মাজমজিয়াত সমবেত ৰাইজক ছত্ৰভংগ দিবলৈ সেনাই কন্দুৱা গেছ নিক্ষেপ কৰে। সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, মণিপুৰৰ কাংপোকপি জিলাত গুলীয়াই হত্যা কৰা এজন প্ৰাক্তন নৌসেনাৰ বিষয়াক শ্ৰদ্ধাঞ্জলি জনাবলৈ ইম্ফলত সমবেত হয় প্ৰতিবাদকাৰী।
মহিলাসকলে সমাৱেশৰ নেতৃত্ব দিয়ে। প্ৰথমে বিষয়াজনৰ মৃতদেহ ইম্ফলৰ জনবহুল খোৱাইৰমবন্দ বজাৰলৈ নিয়া হয়। পিছত উন্মত্ত ৰাইজে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ (N Biren Singh) বাসগৃহৰ সন্মুখত মৃতদেহটো নি সমদল কৰাৰ হুংকাৰ দিয়ে। আৰক্ষীয়ে যাতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তাৰ বাবে মাজপথত টায়াৰো জ্বলাই দিয়া হয়। ইয়াৰ পিছতে উক্ত স্থানত উপস্থিত হয় সেনা-আৰক্ষী। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰা হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নৌসেনাৰ বিষয়াজনৰ মৃতদেহ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ মৰ্গলৈ প্ৰেৰণ কৰা হয়।
উল্লেখযোগ্য যে মণিপুৰৰ হিংসাত্মক ঘটনাৰ বুজ ল’বলৈ বৃস্পতিবাৰে মণিপুৰত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ইফালে ৰাহুল গান্ধীক (Rahul Gandhi) বৃহস্পতিবাৰে পদপথেৰে যাত্ৰা কৰাত বাধা আৰোপ কৰে সেনা তথা আৰক্ষীয়ে ফলত কিছু সময়ৰ বাবে পৰিস্থিতি উত্তপ্ত হৈ পৰে।
ইফালে সেনাই খবৰ দিয়ে যে বৃহস্পতিবাৰে পুৱা উত্তৰ-পূবৰ ৰাজ্যখনৰ এখন গাঁৱত একাংশ অচিনাক্ত দুষ্কৃতিকাৰীয়ে বিনা প্ৰৰোচনাই সেনাবাহিনীৰ ওপৰত গুলীচালনা কৰে। সেনাই তাৰ প্ৰত্যুত্তৰ দিয়ে। অৱশ্যে এই ঘটনাত এতিয়ালৈকে কোনো লোক হতাহতিৰ খবৰ পোৱা হোৱা নাই। কিন্তু আন এক অসমৰ্থিত সূত্ৰ মতে, এই আক্ৰমণত কেইবাজনো দুষ্কৃতিকাৰী আহত বা নিহত হৈছে।
মন কৰিবলগীয়া যে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী গৈছিল হিংসাত্মক পৰিস্থিতিত ভুগি থকা মণিপুৰলৈ। অৱশ্যে ৰাজ্যৰ চুৰাচান্দপুৰ জিলাৰ বিষ্ণুপুৰ অঞ্চলত তেওঁৰ কনভয়ক আটক কৰে আৰক্ষীয়ে।
নিৰাপত্তাৰক্ষীৰ এক সূত্ৰই দাবী কৰিছে যে আক্ৰমণৰ আশংকাত কংগ্ৰেছ নেতাৰ কনভয় বন্ধ কৰি দিয়া হয়। কিন্তু পিছত তেওঁ হেলিকপ্টাৰেৰে চুৰাচান্দপুৰ জিলালৈ যায়। পিছত শৰণাৰ্থী শিবিৰত গৃহহীন লোকক দেখা কৰে। শৰণাৰ্থী শিবিৰৰ শিশুসকলৰ সৈতে মধ্যাহ্নভোজনো গ্ৰহণ কৰে ৰাহুল গান্ধীয়ে।