![]()
অসমৰ বান পৰিস্থিতি (Flood situation in Assam) আৰু অধিক ভয়ংকৰ হৈ পৰিছে। বৰ্তমান ৪৪৪ খন গাঁও পানীৰ তলত (At present, 444 villages are under water)। ক্ষতিগ্ৰস্ত হৈছে ৩০ হাজাৰৰো অধিক লোক। ৰাজ্যৰ ১০খন জিলাৰ বিভিন্ন অঞ্চল পানীৰ তলত। এই জনাইছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীয়ে। বিগত কেইদিনমানৰ পৰা হোৱা মূষলধাৰ বৰষুণৰ ফলত ৰাজ্যত এই জটিল বান পৰিস্থিতিৰ সৃষ্টি হৈছে।
ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীয়ে জনোৱা মতে, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, কোকৰাঝাৰ, লখিমপুৰ, নলবাৰী, ওদালগুৰি জিলাকেইখন ক্ষতিগ্ৰস্ত হৈছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰ জিলা। ২২ হাজাৰৰো অধিক লোক জিলাখনত ক্ষতিগ্ৰস্ত হৈছে। ডিব্ৰুগড়ৰ ৩৮০০-ৰো অধিক বাসিন্দা ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰৰ প্ৰায় ১৮০০ বাসিন্দা ক্ষতিগ্ৰস্ত হয়। প্ৰশাসনে জনোৱা মতে, ৪৭৪১.২৩ হেক্টৰ খেতি কৰা মাটিৰ ক্ষতিসাধন হৈছে।

সাতখন জিলাত মুকলি কৰা হৈছে ২৫টা ‘সাহায্য বিতৰণ কেন্দ্ৰ’। বান পৰিস্থিতিত বিপৰ্যয়ৰ বাৰ্তা দিছে বতৰ বিভাগে। আগন্তুক ৫ দিনত অসমৰ বিভিন্ন জিলাত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰা হৈছে। ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত ডিমা হাচাও, কামৰূপ মহানগৰ আৰু কৰিমগঞ্জৰ কিছু অঞ্চলত ভূমিস্খলন সংঘটিত হয়।













