![]()
সমাগত লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দললৈ যোগদান কাৰ্যসূচী আৰম্ভ হৈছে৷ সেই মৰ্মে আজি ডিফুস্থিত জিলা কংগ্ৰেছৰ (Diphu based District Congress) মুখ্য কাৰ্যালয়তো অনুষ্ঠিতে যোগদান কাৰ্যসূচী (Joining congress headquarters)৷ বোকাজান বিধানসভাৰ আৰু লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা মুঠ ৬৭টা পৰিয়াল আম আদমী পাৰ্টী আৰু বিজেপি দলৰ পৰা যোগদান কৰে ৷ ইয়াৰে ৫৩টা পৰিয়াল আম আদমী পাৰ্টীৰ আৰু ১৪টা পৰিয়াল কংগ্ৰেছ দলৰ বুলি জানিব পৰা গৈছে৷ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তনমন্ত্ৰী ছুম ৰংহাঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত জিলা কংগ্ৰেছত তিনিগৰাকী উপ-সভাপতি তথা মুখপাত্ৰ ৰতন ইংতি, বিদ্যাছিং ৰংপি আৰু অশোক টেৰণ, উপ-সভাপতিদ্বয় ছেমছন ইংতি আৰু ৰাতুল টেৰণ লগতে সাধাৰণ সম্পাদক অনিল বৰা আৰু ছুৰেণ ছিংনাৰকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

উল্লেখ যোগ্য যে কাৰবি আংলং জিলা কংগ্ৰেছত বিগত দুটা মাহত অলপ অলপকৈ আন দলৰ নেতা-কৰ্মীয়ে যোগ দি আছে৷ দলটোৰ উপ-সভাপতি ৰতন ইংতিয়ে কয় যে আমি আজি হঠাতে এই যোগদানৰ কাৰ্যসূচী পাতিব লগা হ’ল। ৰাইজ নিজে আহি আমাৰ কাৰ্যলয়ত উপস্থিত হোৱাত আমি এইদৰে কাৰ্যসূচী ল’লো ৷ এতিয়া এই ধাৰা অব্যাহত থাকিব। দেশৰ জনতাই বুজি পাইছে বিজেপিৰ হাতৰ পৰা দেশক কংগ্ৰেছ দলেহে বচাব পাৰিব৷ কালি ডিফুত মুখ্যমন্ত্ৰীয়ে এছ আই ইউৰ বাবে টেট শিক্ষকে দৰমহা নোপোৱাৰ কথাটো সেই মূৰ্হুতহে গম পোৱা বুলি কৈছিল। এইটো মুখ্যমন্ত্ৰীয়ে মিছা মতা বুলি তেওঁ কয়৷ কাৰণ এছ আই ইউৰ বিষয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকাৰ সময়ৰ পৰাই অৱগত বুলি কয়৷
একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা পৱন শৰ্মাই কাৰবি আংলঙৰ স্বায়ত্ত্বশাসিত ৰাজ্যৰ দাবীৰ সন্দৰ্ভত কোনো কথা নোকোৱাটো হ’ল বিজেপিৰ মিথ্যাচাৰ ৷ তেওঁলোকে পাহাৰৰ জনতাক স্বায়ত্ত্বশাসিত ৰাজ্য নিদিয়ে বুলি কয় ৰতন ইংতিয়ে ৷ কিন্তু কংগ্ৰেছ ক্ষমতালৈ আহিলে বিষয়টো বিবেচনা কৰিব বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিগত বিধানসভা নিৰ্বাচনৰ আগত কোৱাৰ কথা কয়৷












