ASSAM TIMES POST
হাওৰাঘাটঃ কাৰবি আংলং জিলাৰ অন্যতম ছাত্ৰ সংগঠন সন্মিলিত কাৰবি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ ‘ উছুকা’ৰ হাওৰাঘাট আঞ্চলিক সমিতিৰ উদ্যোগত আজি হাওৰাঘাটত এক বৃহৎ মটৰ চাইকেল সমদল উলিয়াই প্ৰস্তাবিত বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
আজি দিনৰ প্ৰায় ১১ বজাত সংগঠনটোৰ সাধাৰণ সম্পাদক জিণ্টু হাজৰিকাৰ নেতৃত্বত হাওৰাঘাটৰ পৰা ওলোৱা সমদলটোৱে বকলিয়াঘাট, ৰাংকুট, উত্তৰ বৰবিলহৈ এক বিশাল এলেকা পৰিভ্ৰমণ কৰি বিধেয়কখনৰ বিৰোদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷প্ৰতিবাদ কাৰী সকলে বিজেপি চৰকাৰ গ’ বেক, নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক আদি ধ্বনিৰে আকাশ- বতাহ কঁপাই তোলে ৷
সমদলটোৰ নেতৃত্ব বহন কৰা সাধাৰণ সম্পাদক জিণ্টু বৰাই কয়যে, নাগৰিকত্ব সংশোধনী বিধেয়ক বিল বাতিল নকৰিলে ইয়াতকৈও ভয়াবহ আন্দোলনৰ সন্মূখীন হবলৈ চৰকাৰক প্ৰস্তত থকাৰ বাবে সকিয়াই দিয়ে ৷ চৰকাৰে অসমৰ ৰাইজক প্ৰতাৰণা কৰা বন্ধ কৰক অন্যথাই অসমৰ ৰাইজে চৰকাৰক কেতিয়াও ক্ষমা নকৰে বুলিও নেতাগৰাকীয়ে হুংকাৰ দিছে ৷













