
আজি বিশ্ব ৰক্তদান দিৱসৰ (World Blood Donation Day) লগত সংগতি ৰাখি, 20-বিএন চিআৰপিএফৰ উদ্যোগ (20-BN CRPF initiative)ত ডিফু চিকিৎসা মহাবিদ্যালয় (Diphu Medical College) আৰু হাস্পাতালত এক ৰক্তদান শিৱিৰ (Blood donation camp) অনুষ্ঠিত হৈ যায় ৷ 20 বিএন চিআৰপিএফৰ কামাণ্ডেণ্ট স্বৰ্ণ সিঙে উদ্ঝোধন কৰা ৰক্তদান শিৱিৰটো চিআৰপিএফৰ কেইগৰাকী শীৰ্ষ বিষয়াৰ লগতে ৫০ গৰাকী চিআৰপি এফ জোৱানে অংশগ্ৰহণ কৰে৷

আজিৰ ৰক্তদান শিৱিৰত ২০ ইউনিট ৰক্তদান কৰা হয় বুলি জানিব পৰা গৈছে৷ 20 বিএন চিআৰপিএফৰ স্বৰ্ণ সিঙে ভুক্তভোগীসকলক ৰক্তদান শিৱিৰৰ যোগেদি স্বেচ্ছাই আৰু নিঃস্বাৰ্থ ভাবে ৰক্তদান কৰা এক সুৱৰ্ণ সুযোগ৷ মানৱতাৰ খাতিৰত এনেদৰে শিৱিৰত ৰক্তদান কৰা সকলক প্ৰমাণপত্ৰ দিয়াসহব বুলিও জানিব পৰা গৈছে৷













