সংবাদ সংস্থা পিটিআইৰ (PTI) সূত্র মতে, মঙ্গলবাৰে মাজনিশা এই আক্ৰমণৰ ঘটনাটি ঘটে। সন্ত্ৰাসবাদীয়ে আধুনিক অস্ত্র-শস্ত্র লৈ গাঁওখনত প্ৰৱেশ কৰি নির্বিচাৰে গুলীচালনা কৰাত মৃত্যু হয় মহিলাসহ ৯ জনৰ। জানিব পৰা মতে, পূব ইম্ফল আৰু কাংপোকি জিলাৰ সীমান্তৱৰ্তী খামেলোক এলেকাত এই ঘটনাটি ঘটে। আহতসকলক ইম্ফল হস্পিটেলত ভর্তি কৰোৱা হৈছে।
উল্লেখযোগ্য যে সোমবাৰে নিশাও উক্ত স্থানতে গাঁওবাসী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা ঘটিছিল। তাত ৯ জন লোক আহত হয়। তাৰ পিছত ২৪ ঘণ্টা পাৰ নৌহওঁতেই উক্ত স্থানতে পুনৰ সংঘৰ্ষ ঘটে।