সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মালম্বী সক্ষম ব্যক্তিসকলে পৱিত্ৰ মক্কা আৰু মদিনাত হজ আদায় কৰিবলৈ নিজ নিজ দেশৰ পৰা ৰাওণা হোৱাৰ সময়তে আজি কাৰবি আংলঙ জিলাৰ ডিফুৰ (Diphur in Karbi Anglong district) পৰা একেটা পৰিয়ালৰ তিনিগৰাকীকৈ লোক পৱিত্ৰ মক্কালৈ হজ যাত্ৰাৰ (Haj pilgrimage to Mecca) বাবে ৰাওণা হোৱা ঘটনাই ডিফুৰ ইছলাম ধৰ্মালম্বীসকলৰ বাবে এক গৌৰৱৰ বিষয়বস্তু হৈ পৰিছে ৷
এই উপলক্ষে আজি পুৱা ৯ মান বজাত ডিফু মছজিদ প্ৰাঙ্গন (Diphu Masjid premises)ত এক বিদায় সম্ভাষণ অনুষ্ঠান আৰু সমজুৱা দোৱা মাগফেৰাতৰ আয়োজন কৰা হয়৷ ডিফু দেৱানবস্তিৰ নিৱাসী আজিজুৰ ৰহমান লস্কৰ, তেওঁৰ পত্নী জমিলা খাতুন আৰু তেওঁলোকৰ কণিষ্ট পুত্ৰ ৰেকিব উদ্দিন লস্কৰ হজ যাত্ৰী হিছাপে ডিফু মছজিদ প্ৰাঙ্গনত উপস্থিত হোৱাৰ পিছত ডিফু মছজিদ কমিটিৰ উদ্যোগত ডিফু মছজিদ কমিটিৰ সভাপতি তাজ উদ্দিন আলীৰ উপস্থিতিত ডিফু মছজিদৰ ইমাম মৌলানা আলহাজ গিয়াছ উদ্দিন কাছিমীয়ে হজ যাত্ৰীসকলৰ হজ যাত্ৰাৰ জৰিয়তে সকলোৰে মনোকামনা পূৰণ হোৱাৰ লগতে বিশ্ববাসীৰ মাজত শান্তি স্থাপনৰ বাবে অদৃশ্য জনৰ ওচৰত দোৱা মাগফেৰাৎ কৰে৷ ইয়াৰোপৰি তিনি মাতৃ, পুত্ৰ আৰু স্বামীৰ হজ যাতে সুকলমে আদায় হয় তাৰ বাবেও দোৱা প্ৰাৰ্থনা কৰা হয়৷
আজিৰ বিদায় সম্ভাষণ অনুষ্ঠানত অনুৰাগী আৰু শুভাকাংখীসকলে হজ যাত্ৰালৈ ৰাওণা হোৱা তিনি মাতৃ-পুত্ৰ আৰু স্বামীত স্নেহালিংগন কৰাৰ লগতে অসমীয়া ফুলাম গামোছাৰে বিদায় সম্ভাষণ জনায় ৷ তিনিগৰাকীক আজি পুৱা মৰিয়নী গুৱাহাটী স্পেচিয়েল ৰে’লত উঠাই বিদায় জনায় শুভাকাংখীসকলে৷ কাইলৈ গুৱাহাটীৰ পৰা বিমানযোগে হজলৈ বুলি ৰাওণা হব বুলি জানিব পৰা গৈছে৷