ASSAM TIMES POST
ডিফুঃ কাৰ্বি আংলং জিলা মহিলা আৰু যুৱ কংগ্ৰেছৰ উদ্যোগত বিভিন্ন দাবীলৈ ডিফুৰ ছেমছনছিং মেম’ৰিয়েল পাৰ্কৰ সন্মুখত তিনিঘণ্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন আদি লোৱাৰ লগতে ডিঙিত পিয়াজৰ মালা আঁৰি লৈ ৰন্ধন গেছ চিলিণ্ডাৰ সন্মূখত ৰাখি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিজেপি চৰকাৰৰ জনবিৰোধী নীতি, অত্যাৱশ্যকীয় সামগ্ৰীৰ গগণচুম্বী মূল্য বৃদ্ধিৰ ফলত পিয়াজৰ মূল্যই চেঞ্চুৰি অতিক্ৰম কৰাৰ লগতে ৰন্ধন গেছ আৰু আলু আদিৰ দাম বৃদ্ধি অপ্ৰতিৰোধ্য হৈছে বুলি কয়৷

এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত বিজেপি চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিয়া অনুসৰি স্থানীয় নিবনুৱা যুৱক- যুৱতীক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে সত্তৰ শতাংশ নিযুক্তি প্ৰদান নকৰি ওলোটাই চিকিৎসা মহাবিদ্যালয় ল’বনে, নিযুক্তি লব বুলি কোৱা ওপৰুৱা মন্তব্যক কংগ্ৰেছে গৰিহণা দিছে ৷
ইয়াৰোপৰি নেতা সকলে ধৰ্ষিতা পশু চিকিৎসক ডাঃ প্ৰিয়াংকা ৰেড্ডীৰ সুবিচাৰ সন্দৰ্ভত বিজেপি চৰকাৰে এষাৰো মাত নমতা কাৰ্বি আংলং জিলাত ইউনিফৰ্ম চিভিল ক’ডৰ বিৰোধিতা আৰু কেবৰ সম্পূৰ্ণ বিৰোধিতাৰে আজি ধৰ্ণা কাৰ্যসূচী লোৱা বুলি কয় ৷
আনহাতে কাইলৈ পুৱা ৮ বজাৰ পৰা বিয়লি তিনিবজালে একে স্থানতে জিলা কংগ্ৰেছে উল্লেখিত দাবী সমূহক লৈ ভোক হৰ্তাল কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷
আজিৰ ধৰ্ণা কাৰ্যসূচীত জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি অশোক টেৰণ, মুখপাত্ৰ তথা সাধাৰণ সম্পাদক ডাঃ মংবে ৰংপি, উপসভাপতি ৰতন ইংতি, আৰু ৰাতুল টেৰণ লগতে জিলা মহিলা কংগ্ৰেছৰ সভাপতি কাছে তেৰৈংপী অংশ গ্ৰহণ কৰে৷












