ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)ৰ মনিটেৰী পলিচি কমিটি (এমপিচি)ৰ বৃহস্পতিবাৰে অনুষ্ঠিত বৈঠকত ২০১৯-২০ বৰ্ষৰ কাৰণে জিডিপি বিকাশৰ অভিক্ষেপ (projection) ৬.১% ৰপৰা ৫%লৈ হ্ৰাস কৰা হয়। শেহতীয়া জুলাই-ছেপ্টেম্বৰত জিডিপিৰ বিকাশ ছয়-বছৰৰ ভিতৰত সৰ্বনিম্ন ৪.৫ শতাংশ হোৱাতে আৰবিআয়ে এনে অভিক্ষেপ গ্ৰহণ কৰিব লগাত পৰে।
মূলতঃ উক্ত সময়ছোৱাত নিৰ্মাণ খণ্ডত দেখা দিয়া মন্দাৱস্থাৰ কাৰণে ইয়াৰ শতকৰা হাৰ ১.০ শতাংশলৈ সংকুচিত হয়। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ২০১৮ বৰ্ষত এপ্ৰিল-জুনত জিডিপি বিকাশৰ হাৰ আছিল ৫ শতাংশ। একে বৰ্ষৰে জুলাই-ছেপ্টেম্বৰত আছিল ৭ শতাংশ।
ইয়াৰোপৰি, বৃহস্পতিবাৰে আৰবিআয়ে ৰেপ’ ৰেটো অপৰিৱৰ্তিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।এমপিচিয়ে লোৱা সিদ্ধান্ত অনুসৰি, আৰবিআয়ে ৫.১৫% ৰেপ’ ৰেট আৰু ৪.৯০% সংৰক্ষিত ৰেপ’ ৰেট অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লয়। সমিতিখনে বৈঠকত দেশৰ সামগ্ৰিক অৰ্থনৈতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অৰ্থনীতিৰ গতি তৰান্বিত কৰাত গুৰুত্ব আৰোপ কৰে।












