![]()
ডিফুৰ পৰা ছাইদুল ইছলাম: ডিফুশান্তি আৰু ভাতৃত্বৰ প্ৰতীক স্বৰূপ ইছলাম ধৰ্মালম্বী একাংশ লোক আৰু নৱ প্ৰজন্মৰ মাজত অসামাজিক কাৰ্যকলাপ আৰু মাৰাত্মক ড্ৰাগছৰ প্ৰতি আসক্তি আৰু ব্যৱসায়ৰ প্ৰতি বৃদ্ধি পাই অহা প্ৰৱনতাই সম্প্ৰতি সময়ত মুছলিম সচেতন সকলৰ মাজত চৰম উদ্বিগ্নতাৰ বিষয় হৈ পৰিছে ৷ বিশেষকৈ ডিফু আৰু ইয়াৰ উপকণ্ঠীয় অঞ্চলতো ড্ৰাগছ আৰু অসামাজিক কাৰ্যকলাপৰ প্ৰতি চহৰখনৰ নৱ প্ৰজন্ম আৰু একাংশ দুষ্ট প্ৰকৃতিৰ লোকে মুছলিম সমাজ ব্যৱস্থালৈ দুৰ্নাম আনিছে ৷

ইয়াৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি আজি ডিফু মচজিদ কমিটিৰ সভাপতি তাজ উদ্দিন আলী আৰু সাধাৰণ সম্পাদক মজাহাৰল ইছলামৰ প্ৰত্যক্ষ প্ৰচেষ্টাত ডিফু মচজিদ প্ৰাঙ্গনত আজি ড্ৰাগছ বিৰোধী এক সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ ডিফু মছজিদ কমিটি সভাপতি তাজ উদ্দিন আলীৰ পৌৰুহিত্যত অনুষ্ঠিত সজাগতামূলক সভাখনত ডিফু, পানবাৰী, বিৰলা হৰিলালবস্তি, ৰংনিহান পথাৰ, ছৰচৰি আদি ঠাইৰ মুছলিম সম্প্ৰদায়ৰ শতাধিক লোকে অংশ গ্ৰহণ কৰে ৷ সভাত ডিফু আৰু ইয়াৰ উপকণ্ঠীয় অঞ্লৰ মুছলিম যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ ব্যৱসায় আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰতি বৃদ্ধি পাই অহা প্ৰৱনতাকলৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে ৷
সংবাদ মাধ্যমৰ আগত ডিফু মছজিদ কমিটিৰ সাধাৰণ সম্পাদক মজাহাৰুল ইছলামে কয়যে, দীৰ্ঘ আলোচনাৰ অন্তত উপস্থিত ৰাইজে মুছলিম সমাজক এনেবোৰ কু-সংস্কাৰ আৰু ইছলামৰ শ্বৰিয়াহ আইনৰ অপৰিপন্থী কাৰ্যকলাপ ৰোধৰ বাবে যিকোনো মূল্যৰ বিনিময়ত ঐক্যবদ্ধ হোৱাৰ বাবে এখন ৪০ জনীয়া শক্তিশালী ” মুছলিম সমাজ সংস্কাৰক সমিতি গঠন কৰি দিয়া হয় ৷ উক্ত সমিতিখনে পৰৱৰ্তী পৰ্যায়ত মুছলিম সমাজৰ সকলো ধৰণৰ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মাত মাতি যাব বুলি কয় ৷
সমিতিখনৰ সভাপতি আৰু সম্পাদকৰ দায়িত্ব ক্ৰমে, ফকৰ উদ্দিন লস্কৰ আৰু আব্দুল কৰিমৰ লস্কৰৰ কান্ধত অৰ্পন কৰা হৈছে বুলি কয় ৷ স্থানীয় প্ৰশাসনক মুছলিম সমাজ সংস্কাৰক সমিতিক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় সাধাৰণ সম্পাদক গৰাকীয়ে ৷













