পৰিচালক বি আৰ চোপ্ৰাৰ মহাভাৰতত (B.R. Chopra’s Mahabharata) শকুনি মামাৰ (Shakuni Mama) চৰিত্ৰত অভিনয় কৰিছিল গুফী পেন্টালে (Gufi Pantal)। নব্বৈৰ দশকত টেলিভিছনত ‘শকুনি মামা’ৰ চৰিত্ৰত অভিনয় কৰি গুফীয়ে নিশাটোৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিছিল। মহাভাৰত ধাৰাবাহিকখনত এই চৰিত্ৰটো আন যিকোনো চৰিত্ৰৰ দৰেই ঘৰুৱা নাম।
জনপ্ৰিয় টেলি অভিনেত্ৰী টিনা ঘাইয়ে নিজৰ ফেচবুক পেজত গুফীৰ অসুস্থতাৰ খবৰ শ্বেয়াৰ কৰে। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে অভিনেতাগৰাকীৰ সঠিকভাৱে কি হৈছে সেই কথা কোৱা নাই। সূত্ৰৰ পৰা জানিব পৰা মতে, বৃদ্ধাৱস্থাৰ বাবে কিছুদিন ধৰি অসুস্থ হৈ আছে অভিনেতাগৰাকী। ৩১ মে’ত তেওঁৰ অৱস্থা বেয়া হোৱাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
১৯৪৪ চনৰ ৪ অক্টোবৰত শিখ পৰিয়ালত জন্ম তেওঁৰ। গুফী আছিল এজন অভিযান্ত্ৰিক ছাত্ৰ। ১৯৬৯ চনত সৰু ভাতৃৰ সৈতে মায়ানগৰীলৈ আহিছিল। প্ৰাথমিক জীৱনত তেওঁ আছিল এজন পৰিচালক। ইয়াৰ পিছত তেওঁ আশীৰ দশকৰ পৰা অভিনয় আৰম্ভ কৰে। তেওঁ কেইবাখনো হিন্দী ধাৰাবাহিকত অভিনয় কৰিছিল। তেওঁৰ ‘মহাভাৰত’ৰ সহ-অভিনেতা পংকজ ধীৰে ২০১০ চনত মুম্বাইত অভিনয় একাডেমী নামেৰে অভিনয় প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিছিল। তাত কেইবাবছৰ ধৰি অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে তাৰ পাছত অভিনেতাগৰাকীয়ে বিশেষ কাম কৰা দেখা পোৱা নগʼল।