পৰিচালক মহেশ ভাটে (Director Mahesh Bhat) ব্যক্তিগত জীৱনৰ বিভিন্ন ভুলৰ বিষয়ে ৰাজহুৱাভাৱে কোৱাৰ পৰা কেতিয়াও কুন্ঠাবোধ কৰা নাই। কিছুবছৰ আগতে অনুপম খেৰৰ সৈতে হোৱা কথা-বতৰাত তেওঁ নিজৰ জীৱনৰ এনে এটা অধ্যায় উত্থাপন কৰিছিল য’ত তেওঁ কেনেকৈ সেই আন্ধাৰক পৰাজিত কৰিছিল প্ৰকাশ কৰে।
মহেশ যৌৱনকালত অত্যধিক সুৰাসক্ত (Mahesh is extremely alcoholic in his youth) হৈ পৰিছিল। সদায় খঙাল, কেতিয়াও সন্তুষ্ট নহয়, অধৈৰ্য চৰিত্ৰৰ আছিল তেওঁ। ক্ৰমান্বয়ে বিষণ্ণতাত ডুব গৈছিল, মদ্যপানৰ মাত্ৰাও বাঢ়ি গৈছিল। সেই সময়ত মহেশৰ খঙৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাছিল।
প্ৰায়ে তেওঁ ইমানেই সুৰাপান কৰিছিল যে তেওঁ অকলে ঘৰলৈ উভতি যাব নোৱাৰে, অনুপমে তেওঁক ঘৰত থৈ গৈছিল। মহেশে কয়, “যদি কোনোবাই নিজৰ ওপৰত অসন্তুষ্ট হয়, তেন্তে তেওঁ পৃথিৱীৰ কাৰো লগত সুখী হʼব নোৱাৰে। আগতে মই নিজৰ ওপৰত বিৰক্ত হৈছিলোঁ, অধৈৰ্য হৈ পৰিছিলোঁ।”
কিন্তু মহেশৰ দাবী যে ছবিৰ পৰিচালকে কেতিয়াও সত্য লুকুৱাব নোৱাৰে। পৰ্দাত ধৰা পৰি যায়। মহেশে এই বেদনাদায়ক সময়খিনি কেনেদৰে পাৰ কৰিলে ?
মহেশে কয় এটা বিশেষ দিনৰ কথা, যিদিনা তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ আৰু কেতিয়াও সুৰাপান নকৰে। তেওঁ কয়, “তেতিয়া মোৰ ছোৱালী শ্বাহীনৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ পিছত মই কেইদিনমান অবিৰতভাৱে মদ খাই আছিলো। ঘৰলৈ আহি মই তেওঁক দুহাতত তুলি লৈ মৰম কৰিবলৈ গৈ দেখিলোঁ, মোৰ পৰা মুখখন আঁতৰাই নিলে। মই স্পষ্টকৈ বুজিলোঁ, তেওঁ মোৰ সঙ্গ নিবিচাৰে, মোক প্ৰত্যাখ্যান কৰিছে।”
মহেশে সেইদিনাৰ পৰাই শপত খাইছিল যে জ্যেষ্ঠ কন্যা শ্বাহীনক ওচৰত পাবলৈ তেওঁ আৰু কেতিয়াও মদ স্পৰ্শ নকৰে। পৰিচালকগৰাকীয়ে কয় যে তেওঁ ২৬ বছৰ পূৰ্বে মদ খোৱা বন্ধ (Alcohol stopped 26 years ago) কৰিছিল। আৰু তাৰ পিছত কেতিয়াও স্পৰ্শ কৰা নাই।