ভাৰতৰ ১,২৭৫ টা ৰেʼল ষ্টেচন উন্নীত কৰিব কেন্দ্ৰই। য’ত থাকিব শেহতীয়া প্ৰযুক্তিৰ পৰা সকলো সুবিধা! একে সময়তে ষ্টেচনসমূহে যাত্ৰীসকলৰ বাবেও উন্নত মানৰ খাদ্য যোগান ধৰিব। বৃহস্পতিবাৰে নতুন দিল্লীত ৰেʼল মন্ত্ৰালয়ৰ সংসদ সদস্যৰ পৰামৰ্শদাতা সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।
ৰেʼল মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ‘অমৃত ভাৰত ষ্টেচন’ (Amrit Bharat Station) প্ৰকল্পৰ অধীনত ১,২৭৫ টা ষ্টেচন উন্নীতকৰণৰ সিদ্ধান্ত লোৱা হৈছে। মধ্যপ্ৰদেশৰ ৰাণী কমলাপতি, গুজৰাটৰ গান্ধীনগৰ আৰু কৰ্ণাটকৰ ছাৰ এম বিশ্বেশ্বৰৈয়াৰ আধুনিকীকৰণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। যʼত যাত্ৰীসকলৰ বাবে উচ্চমানৰ ডাইনিং এৰিয়া, প্ৰস্ৰাৱগাৰ, সুবিধাজনক দোকানকে ধৰি একাধিক সুবিধা আছে।
ৰেʼল মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, ‘অমৃত ভাৰত ষ্টেচন’ প্ৰকল্পৰ অধীনত এই তিনিটা ষ্টেচন উন্নীতকৰণৰ বাবে মন্ত্ৰালয়ে প্ৰথমে সিদ্ধান্ত লৈছিল। আৰু সেই অভিজ্ঞতাৰ ভিত্তিত ভাৰতীয় ৰে’লৱেই বাকী ষ্টেচনসমূহৰ উন্নীতকৰণৰ উদ্যোগ লৈছে বুলি মন্ত্ৰালয়ে জনায়।
চৰকাৰী হিচাপ অনুসৰি, ভাৰতীয় ৰেʼলৱেত প্ৰতিদিনে প্ৰায় ১.৮ কোটি যাত্ৰীয়ে যাত্ৰা কৰে। ৰেʼল মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, ৰেʼল আৰু ষ্টেচনত যাত্ৰীসকলৰ বাবে পৰ্যাপ্ত সুবিধা নিশ্চিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰেʼল মন্ত্ৰালয়ে লগতে কয় যে যাত্ৰীসকলক খাদ্য যোগান ধৰাৰ ক্ষেত্ৰত এটা দৃষ্টান্তমূলক পৰিবৰ্তন আনিবলৈ ইতিমধ্যে মন্ত্ৰালয়ে উদ্যোগ গ্ৰহণ কৰিছে। কিন্তু ভাৰতীয় ৰে’লৱেই খাদ্য সেৱাৰ উন্নতি সাধন কৰাৰ লগতে যথা সময়ত সঠিক স্থানত যাত্ৰীসকলক পছন্দৰ খাদ্য যোগান ধৰাৰ বাবেও চেষ্টা চলাইছে।
আনুষ্ঠানিক বিবৃতি অনুসৰি, ৰেʼল মন্ত্ৰালয়ৰ পৰামৰ্শ লোৱা সাংসদসকলে দীৰ্ঘদিন ধৰি ‘অমৃত ভাৰত ষ্টেচন’ আঁচনিৰ অধীনত ৰেʼল সেৱাৰ উন্নতি আৰু ৰেʼল ষ্টেচনৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনা কৰি আহিছিল। আৰু ইয়াৰ ওপৰত আলোচনা কৰিবলৈ বৃহস্পতিবাৰে নতুন দিল্লীত এই বৈঠকৰ আয়োজন কৰা হয়। ৰেʼল মন্ত্ৰী অশ্বিনী বৈষ্ণবে (Ashwini Vaishnaw) সভাপতিত্ব কৰে বৈঠকত। এই বৈঠকত কেইবাজনো সাংসদো উপস্থিত থাকে। চৰকাৰে তেতিয়াই এই সিদ্ধান্ত লোৱা বুলিও অৱগত কৰে।