নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) ‘আম্বানী-আদানি’ৰ নামত ৰাহুল গান্ধীক লক্ষ্য কৰি লোৱাৰ চৌব্বিশ ঘণ্টা পাৰ হৈ গ’লেও কিন্তু ‘মোডীৰ পৰিয়াল’ বা বিজেপি নেতাসকলে এই বিষয়ত কোনো কথা উচ্চাৰণ কৰা নাই।
উল্লেখযোগ্য যে সাধাৰণতে যেতিয়া মোডীয়ে কোনো বিষয়ত বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰে, তেতিয়া সমগ্ৰ বিজেপিয়ে ইয়াত হাত উজান দিয়ে। বৰ্তমান ছ’চিয়েল মিডিয়াত নিজৰ নামৰ কাষত ‘মোডী কা পৰিয়াল’ লিখা বিজেপি নেতাসকলে মোডীৰ কথাকে পুনৰাবৃত্তি কৰি থাকে। এইবাৰ কিন্তু তাৰ ব্যতিক্ৰম ঘটিল।
উল্লেখযোগ্য যে বুধবাৰে তেলেংগানাত মোডীয়ে প্ৰশ্ন কৰিছিল যে বিগত পাঁচ বছৰ ধৰি আম্বানী-আদানিৰ বিষয়ে কথা কোৱাৰ পিছত নিৰ্বাচনৰ সময়ত ৰাহুল গান্ধী কিয় নীৰৱ হৈ আছে। ৰাহুলে তেওঁলোকৰ পৰা কিমান টকা পালে? কংগ্ৰেছলৈ কিমান ক’লা ধন আহিছে? কিন্তু এইকথা আন কোনো বিজেপি নেতাৰ মুখত শুনা নগ’ল।
আনহাতে, ৰাহুলৰ নেতৃত্বত কংগ্ৰেছে বুধবাৰৰ পৰা মোডীক প্ৰত্যাহ্বান জনাই আহিছে, “যদি প্ৰধানমন্ত্ৰীয়ে জানে যে উদ্যোগপতি মুকেশ আম্বানী আৰু গৌতম আদানিৰ ওচৰত ক’লা ধন আছে, তেন্তে তেওঁ তালৈ ইডি, চিবিআই আৰু আয়কৰ বিভাগক কিয় প্ৰেৰণ নকৰে?” চিপিআইৰ সাংসদ বিনয় বিশ্বমেও মোডীলৈ এখন পত্ৰ লিখি একেটাই দাবী কৰিছে।