গুজৰাটৰ (Gujarat) এটা ভোট কেন্দ্ৰত পুনৰ নিৰ্বাচনৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। অভিযোগ অনুসৰি, ভোটগ্ৰহণৰ সময়ত এজন যুৱকে কেন্দ্ৰটোত ইনষ্টাগ্ৰাম লাইভ কৰিছিল। ফলত ভোট কেন্দ্ৰৰ ভিতৰত চলি থকা কাৰ্যকলাপ পোহৰলৈ আহে। সেয়ে উক্ত বিশেষ কেন্দ্ৰটোৰ ভোট বাতিল কৰা হৈছে। ১১ মে’ত তাত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
গুজৰাটৰ দহোদ লোকসভা সমষ্টিৰ পাৰ্থমপুৰ কেন্দ্ৰত সংঘটিত হয় এই ঘটনা। ৭ মে’ত তাত ভোটগ্ৰহণ হৈছিল। অভিযোগ অনুসৰি, ভোটদানৰ সময়ত এজন যুৱকে ভোট কেন্দ্ৰত প্ৰৱেশ কৰি সমগ্ৰ প্ৰক্ৰিয়াটো কিছু সময়ৰ বাবে ইনষ্টাগ্ৰামত লাইভ সম্প্ৰচাৰ কৰে। উক্ত ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
অভিযুক্ত যুৱকজনৰ নাম বিজয় ভাভাৰ। জানিব পৰা মতে, সেইদিনা তেওঁ পাঁচ মিনিট ভোট কেন্দ্ৰৰ ভিতৰত আছিল। অভিযোগ অনুসৰি, তেওঁ নিজৰ ভোটদান লাইভত দেখুৱাইছিল। তাৰ সমান্তৰালকৈ আন দুজন ভোটাৰেও ভোট দিয়া দেখুওৱা হৈছে। ইফালে কংগ্ৰেছে দাবী কৰিছে যে অভিযুক্তজন স্থানীয় বিজেপি নেতাৰ পুত্ৰ।
আনহাতে, নিৰ্বাচন আয়োগে এই বিষয়টোত পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্রটোৰ প্ৰিজাইডিং অফিচাৰ, সহকাৰী প্ৰিজাইডিং অফিচাৰকে ধৰি ভোটিং প্ৰক্ৰিয়াৰ সৈতে জড়িত মুঠ চাৰিজন বিষয়াক নিলম্বন কৰা হৈছে।
ইয়াৰ উপৰি উক্ত বুথৰ নিৰাপত্তাৰ দায়িত্বত থকা এজন আৰক্ষীকো নিলম্বন কৰা হৈছে। আয়োগে বুথটোৰ ভোট বাতিলৰ কথাও ঘোষণা কৰে। ১১ তাৰিখে তাত পুনৰ ভোটগ্ৰহণ হ’ব। সেইদিনা পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটাৰে ভোটদান কৰিব পাৰিব।
আনহাতে, পাৰ্থমপুৰৰ বুথৰ ভাইৰেল ভিডিঅ’ সন্দৰ্ভত কংগ্ৰেছে নিৰ্বাচন আয়োগলৈ সুকীয়া এজাহাৰ দাখিল কৰিছে। কেন্দ্ৰটোত বিজেপিয়ে বুথ দখল কৰাৰ অভিযোগ উত্থাপন কৰে। নিৰপেক্ষ ভোটগ্ৰহণ হোৱা নাছিল বুলিও দাবী কৰে। কংগ্ৰেছে পুনৰ নিৰ্বাচন হোৱাটোও বিচাৰিছে।