লোকসভা নিৰ্বাচন (Lok sabha Election)ৰ সময়ত বিজেপিৰ প্ৰচাৰত (BJP’s campaign) পুনৰবাৰ স্থান লাভ কৰিছে বাবৰি মছজিদ প্ৰসংগই (Babri Masjid context gets a place again)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পিছত এইবাৰ এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sarma)ই মুখ খুলিছে।
ওড়িশাৰ মালকানগিৰিত (Malkangiri of Odisha) বিজেপিৰ হৈ প্ৰচাৰ চলাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ৰাইজে প্ৰশ্ন কৰিছে আমি কিয় ৪০০ লোকসভাৰ আসন লাভ কৰিবলৈ চেষ্টা কৰিছো? ৪০০খন লোকসভা আসনত বিজেপিৰ জয় নিশ্চিত কৰাৰ কাৰণ হৈছে কংগ্ৰেছে অযোধ্যাৰ ৰাম জন্মভূমিত বাবৰি মছজিদ পুনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।
তাত যাতে তেওঁলোক সফল নহয় তাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাইজক ৪০০ আসন দিয়াবলৈ আহ্বান জনাইছে।”
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ৰাম মন্দিৰ সন্দৰ্ভত ইতিমধ্যে কংগ্ৰেছক আক্ৰমণ কৰিছে। মঙলবাৰে মধ্যপ্ৰদেশৰ ধৰ লোকসভা সমষ্টিত বিজেপিৰ সভাত মোডীয়ে কয় যে কংগ্ৰেছৰ লক্ষ্য হৈছে বাবৰি মছজিদৰ তলা ৰাম মন্দিৰত ওলোমাই দিয়া। আনহাতে, বিৰোধীৰ মতে, তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্তত আশা কৰা ধৰণৰ ফলাফল অহা নাই বুলি উপলব্ধি কৰি প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সহযোগীসকলে প্ৰত্যক্ষভাৱে সাম্প্ৰদায়িকতাৰ আশ্ৰয় লৈছে। মুছলমান আৰু কংগ্ৰেছক লৈ হিন্দুসকলৰ মাজত শংকা সৃষ্টিৰ কৌশল গ্ৰহণ কৰিছে।