অবৈধ ড্ৰাগছ, বাৰ্মিজ চুপাৰি সৰবৰাহৰ ট্ৰেনজিট পইণ্ট কাৰবি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ খটখটী থানা এলেকাৰ কালিৰাম বস্তি (Kaliram Basti of Khatkhati police station) এলেকাত এইবাৰ ড্ৰাগছৰ পৰিৱৰ্তে উদ্ধাৰ হৈছে অবৈধ মাৰণাস্ত্ৰসহ সঁজীৱ গুলী (Bullets recovered with illegal weapons)৷ এক নিৰ্দিষ্ট গোপন খবৰৰ ভিত্তিত বুজন পৰিমানৰ অবৈধ ড্ৰাগছ সৰবৰাহৰ খবৰ লাভ কৰি খটখটী থানা এলেকাৰ কালিৰাম বস্তিত ৰেলৱে ব্ৰীজৰ ওচৰত বৃহস্পতিবাৰে সন্ধিয়া ৬ মান বজাত আৰক্ষীয়ে এম্বুশ আৰু নাকা স্থাপন কৰে ৷ উক্ত সময়ত NL-07 CB-8179 পঞ্জীয়ন নম্বৰৰ বলেৰ’ বাহনত তালাচী চলাই অবৈধ ড্ৰাগছৰ পৰিৱৰ্তে এটা ৯ এমএম বেৰেটা পিষ্টল, ১ টা মেগজিন আৰু ৪৩ জাই সঁজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
এই সন্দৰ্ভত অভিযানকাৰী দলটোৱে ৫ জনক আটক (5 arrested) কৰে৷ লোক কেইজন ক্ৰমে, ডিমাপুৰৰ থংগা ৱাংচা (৩৯), অলট’ চিশ্বি (৪০), হেকিহ’ জিমনি( ৪৫), খুকিভি আয়ে (৩২) আৰু মৰিগাওঁ জিলাৰ লাহৰিঘাটৰ ছাত্তাৰ আলীক আটক কৰে৷ ধৃত ৫ জনৰ ওপৰত আৰক্ষীয়ে গোছৰ ৰুজো কৰি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷
আনহাতে খটখটী আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মৰ তত্বাৱধনাত খটখটী থানাৰ অ’চি ৰমেন বৰদলৈ, উপ আৰক্ষী অধীক্ষক (প্ৰৱেশ্যনাৰী) মাৰ্টিন দেউৰী, এছ আই স্বমধন স্বৰ্গীয়াৰী, 20 বিএন চিআৰপিএফ আৰু তৃতীয় কামাণ্ড বেটেলিয়েন লগতে থানা ষ্টাফৰ সহযোগত চলিছিল উক্ত তালাচী অভিযান৷