![]()
প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ জনকল্যাণ যোজনাৰ জৰিয়তে দেশৰ দৰিদ্ৰ লোকসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি দৰিদ্ৰ লোকৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু চিকিৎসা কৰাৰ অৰ্থে আগবঢ়োৱা আয়ুষ্মান কাৰ্ডৰ (Ayushman Card ) আজি ডিফু (Diphu)ত হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাবে বিতৰণ (Formal disbursement to the beneficiaries) কৰা হয়৷

কাৰবি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফুস্থিত আৱৰ্তভৱনৰ সন্মিলন কক্ষত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত আয়ুষ্মান কাৰ্ডৰ আনুষ্ঠানিক বিতৰণ কৰা হয়৷ ১৯ নং ডিফু জনজাতীয় বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং, জিলা উপায়ুক্ত মধুমিতা ভাগৱতী, ডিফু নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙ্গীয়া, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিব ৰাজেছন তেৰাঙ, কাৰবি আংলং স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বৰছিং ৰংপি আৰু স্বাস্থ্য আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মীৰ উপস্থিতিত আজি জিলাখনৰ প্ৰায় ১০০০ হিতাধিকাৰীক আয়ুষ্মান কাৰ্ডৰ আনুষ্ঠানিক বিতৰণ কৰা হয় ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিধায়ক বিদ্যাছিং ইংলেঙে কয় যে, বিশ্বৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ ভিতৰতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীয়ে দৰিদ্ৰ জনসাধাৰণৰ বাবে জনকল্যানমুখী আঁচনিৰ জৰিয়তে প্ৰতিটো পৰিয়ালক বেমাৰত চিকিৎসা কৰাৰ বাবে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ৫ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে ৷ ইয়াৰদ্বাৰা দৰিদ্ৰ লোকসকল উপকৃত হব৷ আজি ডিফুতো এই আঁচনিৰ অধীনত আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হৈছে ৷ এতিয়াৰে পৰা ৰেছনকাৰ্ডধাৰী দৰিদ্ৰ লোকে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাল, ছয়মাইল কেথলিক হাস্পাতাল, মাঞ্জা, বকলীয়া আৰু হাওৰাঘাটতো এই আয়ুষ্মান কাৰ্ড বনাব পাৰিব বুলি কয় ৷
আনহাতে আগতীয়াকৈ অনলাইন যোগে এই কাৰ্ড বনোৱা হিতাধিকাৰী সকলৰ কাৰ্ডৰ বাবে চিন্তা কৰাৰ কাৰণ নাই, কাৰণ তেনেবোৰ আয়ুষ্মান কাৰ্ডো চিকিৎসাৰ কামত কাৰ্ডৰ চৰ্তাৱলী অনুসৰি ব্যৱহাৰ কৰিব পাৰিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে৷












