অৱশেষত পাছপোৰ্টৰ গোচৰত ৰাহুল গান্ধীয়ে (Rahul Gandhi) সকাহ পালে। দিল্লীৰ আদালতৰ পৰা নতুন পাছপোৰ্ট (New Passport) বনাবলৈ অনুমতি পালে তেওঁ। কিন্তু তেওঁ তিনি বছৰৰ বাবে সাধাৰণ পাছপোৰ্ট ব্যৱহাৰ কৰিব পাৰিব।
শেহতীয়াকৈ চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক মোডী উপাধি মন্তব্যৰ বাবে ২ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ফলত ৰাহুলৰ সাংসদ পদ বৰ্খাস্ত হয়। কংগ্ৰেছ নেতাজনৰ সাংসদ হিচাপে থকা কূটনৈতিক পাছপোৰ্ট চৰকাৰক ঘূৰাই দিবলগা হয়। যোৱা সপ্তাহত ৰাহুল গান্ধীয়ে কূটনৈতিক পাছপোৰ্ট জমা দি সাধাৰণ পাছপোৰ্টৰ বাবে আবেদন কৰিছিল।
ইয়াৰ বাবে তেওঁ আপত্তিহীন প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰিছিল। কিন্তু বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে (Subramanian Swamy) সেই পাছপোৰ্ট পোৱাৰ বাটত বাধাৰ সৃষ্টি কৰিছিল। ৰাহুলৰ ‘এন অʼ চি’ আবেদনৰ বিৰোধিতা কৰি আদালতৰ কাষ চাপিছিল স্বামীয়ে। সুব্ৰমণিয়াম স্বামীয়ে দাবী কৰিছিল যে ২০০৩ চনত ব্ৰিটেইনত পঞ্জীয়নভুক্ত কোম্পানী এটাৰ পৰিচালক আৰু সম্পাদক হিচাপে ৰাহুল গান্ধীক নিযুক্তি দিয়া হৈছিল।
তদন্তত প্ৰকাশ পাইছে যে তাত ৰাহুল গান্ধীয়ে নিজকে ব্ৰিটিছ নাগৰিক বুলি দাবী কৰিছিল। ভাৰতীয় আইন অনুসৰি তেওঁৰ ভাৰতীয় নাগৰিকত্ব সম্পূৰ্ণৰূপে বাতিল কৰাটো প্ৰয়োজন। কাৰণ ভাৰতীয় আইনত দ্বৈত নাগৰিকত্বৰ কোনো স্থান নাই। ইয়াৰ পিছতে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাহুল গান্ধীলৈ এখন জাননী প্ৰেৰণ কৰে।
শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাহুলৰ নাগৰিকত্ব সন্দৰ্ভত তথ্য বিচাৰি জাননী প্ৰেৰণ কৰি ১৫ দিনৰ ভিতৰত উত্তৰ বিচৰা বুলি অভিযোগ কৰে সুব্ৰমণিয়াম স্বামীয়ে। সেই জাননীৰ প্ৰতিও কোনো সঁহাৰি নিদিলে ৰাহুল গান্ধীয়ে।
পিছত শুকুৰবাৰে ন্যায়াধীশ বৈভৱ মেহতাই ৰাহুলৰ এন অʼ চিৰ আবেদন মঞ্জুৰ কৰি দহ বছৰৰ দীঘলীয়া বৈধতাৰ পৰিৱৰ্তে তিনি বছৰৰ বৈধতাৰ পাছপোৰ্ট জাৰি কৰাৰ বাবে মঞ্জুৰ কৰে। ন্যায়াধীশগৰাকীয়ে নিজৰ পৰ্যবেক্ষণত কয় যে বহিঃৰৰাষ্ট্ৰলৈ যোৱাটো প্ৰতিজন নাগৰিকৰ মৌলিক অধিকাৰ। তদুপৰি, ৰাহুল গান্ধীৰ ভ্ৰমণত কোনো ধৰণৰ নিষেধাজ্ঞা দিয়া নাই আদালতে।