২০২২ বৰ্ষৰ ডিচেম্বৰ মাহত অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নেচনেল মেৰীট স্কলাৰচীফ পৰীক্ষাৰ (National Merit Scholarship Test) ফলাফলত বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ে (Bokakhat Higher Secondary School) সৰ্বোচ্চ তিনিটা স্থানৰে দুটা স্থান পাবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ ২ গৰাকী ছাত্ৰী আচিন ছেত্ৰী (Asin Chhetri) অসমৰ ভিতৰত ১৪৯ নম্বৰেৰে প্ৰথম স্থান, আৰু ৰূপামণি ওৰাঙে (Rupamani Orang) ১৪৮ নম্বৰেৰে অসমৰ ভিতৰত দ্বিতীয় স্থান (2nd Position) লাভ কৰে। ছাত্ৰী দুগৰাকীয়ে তিনিবছৰৰ বাবে প্ৰতিমাহে ১০০০ টকাকৈ অসম চৰকাৰৰ জলপাণি লাভ কৰিব।
বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ পৰা মহকুমাটোৰ মুঠ ৩২ জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। তৃতীয় স্থান লাভ কৰিছে কামৰূপ জিলাৰ নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আকাঙ্খা দাসে। বোকাখাত উচ্চতৰৰ মেধাসম্পন্ন ছাত্ৰী দুগৰাকীৰ সাফল্যত বিদ্যালয়ৰ অধ্যক্ষকে মুখ্য কৰি বিদ্যালয়ৰসমুহ শিক্ষক-শিক্ষয়িত্ৰীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো বিদ্যালয়খনে ১০০% উত্তীৰ্ণৰে সফলতা অৰ্জন কৰিছিল।