
বুধবাৰে সন্ধিয়া ডিফুৰ সমীপৰ দলদলী ৰে’ল লাইনৰ (Daldali railway line near Diphu) কাষত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ (Unidentified Dead body recovered) হোৱা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ডিফু চৰকাৰী ৰে’ল আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত দলদলী ৰে’ল লাইনৰ কাষত এজন অচিনাক্ত লোক পৰি থকা বুলি খবৰ লাভ কৰি ডিফু চৰকাৰী ৰে’ল আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মণি মেচৰ নেতৃত্বত পহৰা চকীৰ ষ্টাফৰ সহযোগত দলদলী ৰে’ল লাইনৰ কাষত মৃত অৱস্থাত পৰি থকা এজন ৩৫ বছৰীয়া অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

লোকজন ক’লা ৰঙৰ স্প’ৰ্টিং আৰু নীলা ৰঙৰ জীন্স পেন্ট পৰিধান কৰি আছিল ৷ আৰক্ষীৰ পৰা জানিব পৰা মতে প্ৰত্যক্ষদৰ্শীয়ে লোকজনক ডাউন অবধ আছাম ৰে’লৰ পৰি মৃত হৈছে বুলি কয়৷ মৃত লোকজনৰ পৰা আৰক্ষীয়ে কোনো ধৰণৰ নথি-পত্ৰ আৰু মোবাইল ফেন উদ্ধাৰ কৰিব নোৱাৰাৰ বাবে লোকজনক চিনাক্ত কৰিবলৈ সক্ষম নহ’ল বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷
আৰক্ষীয়ে অচিনাক্ত মৃতদেহটো দণ্ডাধীশৰ হতুৱাই চুৰৎহাল কৰাই মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা ডিএমচিএইছৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে বুলি জানিবলৈ দিছে ৷ এই সন্দৰ্ভ ডিফু ৰেল আৰক্ষী পহৰা চকীত ২৪ ম’ ২০২৪ ইং তাৰিখত ৩২৭/২৩ ত দৈনিক দৰজ পঞ্জীত দৰজ দি তদন্ত অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷