শেহতীয়াকৈ ছচিয়েল মিডিয়াত হঠাতে এটা খবৰ বিয়পি পৰে। খৰদাহৰ চৌষষ্ঠি বছৰীয়া শিৱানী চক্ৰৱৰ্তী (Shivani Chakraborty)। কেন্সাৰ ৰোগী, হাতত বেছি সময় নাই। শেষ ইচ্ছা, প্ৰিয় তাৰকা শ্বাহৰুখ খানক (Favourite Star Shah Rukh Khan) এবাৰ চাবলৈ। নিজ হাতেৰে অভিনেতাজনক ৰান্ধি খুৱাবলৈ। ছচিয়েল মিডিয়াত শিৱানীৰ মনৰ কথা লিখিছে তেওঁৰ কন্যা প্ৰিয়াই।
তেওঁ নিজেও শ্বাহৰুখৰ অনুৰাগী। লগে লগে ভাইৰেল হৈ পৰে পোষ্টটো। মুম্বাইৰ মন্নততো গৈ পালে এই খবৰ। বাদশ্বাহে কেতিয়াও নিজৰ অনুৰাগীক নিৰাশ নকৰে। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল। শিৱানী দেৱীলৈ মন্নতৰ পৰা ফোন আহে। মাতৃ আৰু কন্যাৰ লগত প্ৰায় ৪০ মিনিট কথা পাতে শ্বাহৰুখ খানে। লগতে কাষতে থাকিব বুলি প্ৰতিশ্ৰুতি দিয়ে। শীঘ্ৰে কলকাতালৈ আহি (Coming to Kolkata soon) শিৱানীক লগ কৰিব বুলিও কয়।

শ্বাহৰুখ খানৰ এগৰাকী অন্ধ অনুৰাগী তেওঁ। ঘৰৰ চাৰিওফালে শ্বাহৰুখৰ ছবি ৰখা হৈছে। ২০০০ চনৰ পৰা শ্বাহৰুখৰ ছবিৰ সকলো পোষ্টাৰ তেওঁৰ হাতত আছে। এনে দুৰাৰোগ্য বেমাৰৰ মাজতো তেওঁ শ্বাহৰুখৰ ‘পাঠান’ চাবলৈ গৈছিল। অৱশেষত ভিডিঅ’ কলত লগ পালে মৰমৰ তাৰকাগৰাকীক। শিৱানী দেৱী আৰু কন্যা প্ৰিয়াই প্ৰথমে বিশ্বাস কৰিব পৰা নাছিল। ফোনটো পাই প্ৰিয়াই প্ৰায় চিঞৰি উঠিল।
পিছত কোনোমতে নিজকে চম্ভালি লৈ বাদশ্বাহৰ লগত কথা পাতিবলৈ সক্ষম হয়। সংবাদ মাধ্যমক প্ৰিয়াই কয়, “মোৰ ডিঙিটো শুকাই গৈছিল। মায়ে বৰ মুক্তভাৱে কথা কয়। শ্বাহৰুখে আমাৰ লগত প্ৰায় আধা ঘণ্টামান কথা পাতিলে। মাতৃৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ বিষয়েও কয়। কলকাতালৈ আহিলে লগ হʼব বুলিও কয়। এতিয়াও বিশ্বাস কৰিব পৰা নাই। কিন্তু মা বৰ সুখী।”
কিন্তু কেৱল সেয়াই নহয়, শ্বাহৰুখে শিৱানী দেৱীৰ হাতৰ ৰন্ধা মাছ খাবলৈ ইচ্ছা প্ৰকাশ কৰে। আনকি কন্যা প্ৰিয়াৰ বিয়াত উপস্থিত থকাৰ ইচ্ছাও প্ৰকাশ কৰে অভিনেতাজনে। ইমান ডাঙৰ তাৰকাৰ ইমান সৰল আব্দাৰ শুনি শিৱানীয়ে চকুলো ৰাখিব নোৱাৰিলে।