একেলগে একে সময়ত ১১০ খন বিদ্যালয়ত ১৫ হাজাৰ ছাত্ৰ-ছাত্ৰী (15,000 students)ক নিচাযুক্ত ড্ৰাগছ প্ৰতিৰোধৰ বাবে শপত (Oath for Drug Prevention) বাক্য পাঠ কৰোৱা হয় ৷ কাৰবি আংলং (Karbi Anglong) জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু কাৰবি ছাত্ৰ সন্থা আৰু জিলা প্ৰশাসনৰ সহযোগত মঙলবাৰে পুৱা ১১ বজাৰ লগে লগে কাৰবি আংলং জিলাৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চলে ড্ৰাগছ সজাগতামূলক বিশেষ কাৰ্যসূচী (Drug Awareness Program)৷
এই উপলক্ষে ডিফু চৰকাৰী মহাবিদ্যালয়ত সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ডিফু ন্যায়িক আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাং, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব বিজয়া খাকলাৰী, অতিৰিক্ত উপায়ুক্ত নূপুৰ বৰা, জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত জিলা আৰক্ষী অধীক্ষক (অপৰাধ) নয়নমণি বৰ্মণ৷ আৰু ডিফু থানাৰ অ’চি জেএছ খবুঙ ৷
ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত সজাগতা সভাত উপস্থিত থাকে জিলা উপ আৰক্ষী অধীক্ষক (মুখ্য) নাহিদ কৰিশ্মা, ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুনটি মজুমদাৰ আৰু কেএছএৰ কেইবাগৰাকী শীৰ্ষ নেতা ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কয়যে, ড্ৰাগছৰ ভয়াবহতা প্ৰতিহত কৰিবলৈ ভাৰত চৰকাৰে ২০৪২ চনৰ ভিতৰত নিচামুক্ত ভাৰত গঠন কৰিবলৈ এলানি ড্ৰাগছ বিৰোধী সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ সেয়ে তেনে কাৰ্যসূচীৰ অংশ স্বৰূপে আজি কাৰবি আংলং জিলাৰ ১১০ খন বিদ্যালয়ত ১৫০০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত একে লগে একে সময়ত ড্ৰাগছ নিৰ্মূলৰ বাবে কাৰবি আৰু ইংৰাজী ভাষাত শপত বাক্য পাঠ কৰে ছাত্ৰ-ছাত্ৰীসকলে৷
উল্লেখযোগ্য যে প্ৰতিখন বিদ্যালয়ত আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু কেএছএৰ শীৰ্ষ নেতা সকল উপস্থিত থাকি মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ঐক্যৱদ্ধ যুঁজ দিবলৈ আহ্বান জনোৱাৰ লগতে ড্ৰাগছৰ ভয়াবহতাৰ ওপৰত আলোকপাত কৰে ৷