আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ত ১০ম স্থান (10th position) দখলেৰে বোকাখাত (Bokakhat)লৈ গৌৰৱ কঢ়িয়াই আধিলে বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ প্ৰীনিস্থা বৰা (Pranistha Bora)ই। বোকাখাতৰ কৈলাখাট গাঁৱৰ লোকনিৰ্মান বিভাগৰ কৰ্মচাৰী সূৰ্য বৰা আৰু মাতৃ ময়ূৰী বৰাৰ জেষ্ঠ কন্যা প্ৰীনিস্থাই মূঠ ৫৮৫ নম্বৰেৰে ১০ স্থান লাভ কৰে। প্ৰীনিস্থাই উচ্চশিক্ষা গ্ৰহন কৰিব নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত বিজ্ঞান শাখাত।
“স্থান লাভ কৰিম বুলি আশাবাদী আছিল যদিও ১০ম স্থানেই পাম বুলি নিশ্চিত নাছিলোঁ” বুলি মন্তব্য কৰিছে প্ৰীনিস্থাই।দৈনিক নিয়মিতভাৱে ৮/৯ ঘন্টা অধ্যয়ন কৰা প্ৰীনিস্থাই আজৰি সময়ত ফুলৰ যত্ন লোৱাৰ লগতে বাহিৰা কিতাপ পঢ়ি সময় অতিবাহিত কৰা বুলি মন্তব্য কৰে ।কোনো বিষয়ৰে টিউচন নোলোৱাকৈ দশম স্থান লাভ কৰা প্ৰীনিস্থাই ৰামানুজন জুনিয়ৰ কলেজত নাম ভৰ্তি কৰি লক্ষ্য স্থিৰ কৰিব।
প্ৰীনিস্থাৰ আজিৰ এই ফলাফলৰ পিছতেই উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় বোকাখাতৰ খ্ৰীষ্টজ্যোতি হাইস্কুলত। উৎসাহিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী সকলে এক শোভাযাত্ৰা বাহিৰ কৰি বোকাখাত নগৰৰ মাজেদি গৈ বোকাখাতৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল কেন্দ্ৰ বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামৰণি মাৰে।