![]()
কিছু মাহ পূৰ্বে অমিতাভ বচ্চনে ‘প্ৰজেক্ট কে’ ছবিৰ শ্বুটিঙৰ সময়ত আঘাত পাইছিল। এইবাৰ ৬৮ বছৰীয়া অভিনেতা অনুপম খেৰ (Actor Anupam Kher) তেওঁৰ পৰৱৰ্তী ছবিৰ শ্বুটিঙৰ সময়ত কান্ধত আঘাতপ্ৰাপ্ত (Shoulder injuries during shooting) হয়। অভিনেতাগৰাকীক ‘বিজয় ৬৯’ নামৰ এখন ক্ৰীড়া ড্ৰমাত দেখা যাব। তাৰে শ্বুটিঙতে এই দুৰ্ঘটনা সংঘটিত হয়। কান্ধত আঘাত পোৱাৰ পিছত বেণ্ডেজলগা ছবি এখনেৰে তেওঁ লিখিছে, “ছবিখনৰ বিষয়বস্তু ক্ৰীড়া আৰু আপুনি আঘাত নাপাব, সেয়া হʼব পাৰেনে? গতিকে কান্ধত বেয়াকৈ আঘাত পালোঁ।”

অভিনেতাগৰাকীৰ সৰুৰে পৰা আঘাতপ্ৰাপ্ত হ’লে মাতৃলৈ মনত পৰে। এইবাৰো তাৰ ব্যতিক্ৰম নাছিল। মাতৃ দুলাৰী খেৰৰ ওচৰলৈ যোৱাৰ পিছত কি হʼল, সেয়াও অভিনেতাগৰাকীয়েও ছচিয়েল মিডিয়া পেজত লিখিছে।
অনুপম খেৰে লিখিছে, “মই আঘাত পোৱাৰ কথা শুনাৰ লগে লগে মায়ে জকজকাই উঠি কয়, ‘আৰু দেখুওৱা উলংগ শৰীৰ সকলোকে ! নজৰ লাগিছে তোমাৰ ওপৰত।”
ইফালে ছবি উদ্যোগৰ সহযোগীকে ধৰি শুভাকাংক্ষীসকলে অভিনেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰে। নীনা গুপ্তাই উদ্বেগ প্ৰকাশ কৰে, আলিয়া ভাটৰ মাতৃ ছোনী ৰাজদানেও আৰোগ্য কামনা কৰে। অনুপমৰ আশু আৰোগ্য কামনা কৰি ছাংকি পাণ্ডেয়ে লিখিছে, “শীঘ্ৰে ভাল হওক।”













