ASSAM TIMES POST
ডিফুঃ আজি ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মী ডিফু চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰিবলৈ অহাৰ প্ৰাক মূহুৰ্তত ডিফু চিকিৎসা মহাবিদ্যালয় খনত থলুৱা প্ৰাৰ্থীৰ এশ শতাংশ নিযুক্তি আৰু অনান্য দাবীত জিলা খনৰ বিভিন্ন দলীয় সংগঠনে যুটীয়াভাবে ডিফুৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্ণা কাৰ্যসূচীত বহে ৷
প্ৰশাসনৰ তৰফৰ পৰা উপযুক্ত অনুমতি নোপোৱা আৰু আৰু ডিফুত ১৪৪ ধাৰা লাগু হৈ থকাৰ বাবে ডিফু আৰক্ষীয়ে প্ৰতিবাদ স্থলীৰ পৰা প্ৰতিবাদকাৰী সকলক আটক কৰি ডিফু থানালৈ লৈ যায় ৷
সংগঠন সমূহৰ নেতৃ বৰ্গই সাংবাদিকৰ সাক্ষাৎকাৰত আগত চিকিৎসা মহাবিদ্যালয় খনত স্থানীয় জনজাতি লোকৰ নিযুক্তিৰ ক্ষেত্ৰত এশ শতাংশ সংৰক্ষণ দাবী কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ বাবে ইতিমধ্যে হৈ যোৱা তৃতূয় আৰু চতুৰ্থ বৰ্গৰ সাক্ষাৎকাৰ পুণৰ অনুষ্ঠিত কৰি স্থানীয় জনজাতি যুৱক- যুৱতীক নিযুক্তি দিয়াৰ বাবে দাবী কৰে ৷ ইয়াত বাহিৰৰ শিক্ষিত যুৱক সকলক সহযোগিতা কৰি কাৰবি আংলঙৰ জন্মগত অধিকাৰ ভোগ কৰিবলৈ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনায় ৷












