কাৰবি আংলং (Karbi Anglong) জিলাত নিবণুৱা যুৱক-যুৱতীসকলৰ সমস্যা দূৰীকৰণৰ বাবে তুলিৰাম ৰংহাঙ নেতৃত্বাধীন কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে বিভিন্ন পদক্ষেপ লৈ থকাৰ সময়তে ডিফুৰ ধৰমনালাৰ এগৰাকী উদীয়মান যুৱকে দক্ষতা বিকাশৰ (Skill Development) জৰিয়তে নিৱণুৱা যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ৷ ডিফুৰ ধৰমনালাৰ সকলোৰে পৰিচিত যুৱক গুৰ্মিট সিঙে (Gurmit Singh) সুদুৰ গুৱাহাটী পৰা দক্ষতা বিকাশৰ প্ৰতিষ্ঠানত ৰন্ধনকলাৰ (Cooking) ওপৰত মাষ্টাৰ চেফ অমিতাভ দত্তৰ (Master Chef Amitabh Dutt) তত্বাৱধনাত ডিপ্লমালৈ ধৰমনালা (Dharamtala)ৰ নিজা বাসভৱনতে স্থানীয় যুৱক-যুৱতীসকলৰ সহায়ক হোৱাকৈ মুকলি কৰিছে ৰন্ধনকলাৰ এক প্ৰতিষ্ঠান (institute of open culinary arts)ৰ৷ সুদূৰ গুৱাহাটীৰ মাষ্টাৰচেফ অমিতাভ দত্তৰ উপস্থিতিত অমিতাভ দত্ত আৰু গুৰ্মিট সিঙৰ সহ-ধৰ্মিনীদ্বয় ক্ৰমে, শৰ্মিষ্টা দত্ত আৰু মনমিত কৌৰে ফিটা কাটি প্ৰতিষ্ঠানখনৰ শুভ-উদ্ধোধন কৰে৷ প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই কেনেদৰে প্ৰতিষ্ঠানখনত যুৱক-যুৱতীসকলক ৰন্ধনকলাৰ ওপৰত প্ৰশিক্ষিত কৰিব তাৰ ওপৰত এক ব্যৱহাৰিক দিশো আজি প্ৰদৰ্শন কৰে ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মাষ্টাৰ চেফ অমিতাভ দত্তই কয় যে, তেওঁৰ ছাত্ৰ গুৰ্মিট সিঙে ডিফুত নিবণুৱা যুৱক-যুৱতী সকলৰ দক্ষতা বিকাশৰ বাবে সূদুৰ গুৱাহাটীলে গৈ ধনৰ অপচয় নকৰাকৈ ডিফুতে ৰন্ধন কলাৰ ওপৰত জ্ঞান আহৰণ কৰিবলৈ প্ৰতিষ্ঠান মুকলি কৰাত তেওঁ গৌৰাৱান্বিত ৷ মুঠ ৬ মহীয়া এডভান্স ক’ৰ্চৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে ৰন্ধনকলা সন্দৰ্ভত ডিপ্লমা লাভ কৰি স্বনিৰ্ভৰশীলহৈ বিভিন্ন পঞ্চ তাৰাকা হোটেল, ৰেষ্টুৰেণ্ট আদিত চাকৰি পাই নিশ্চিত কেৰিয়াৰ গঢ়ি তুলিব পাৰিব বুলি কয় ৷ লগতে উক্ত প্ৰতিষ্ঠানত বিভিন্ন দেশ বিদেশৰ ৰন্ধন কৌশলৰ লগতে মগজুৰ সামগ্ৰিক বিকাশত সহায়ক হ’ব বুলি কয় ৷
আনহাতে ডিফুৰ ‘অনলি চেফ’ (only Chef) শীৰ্ষক ৰন্ধনকলাৰ নিৰ্ভৰযোগ়্য প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী গুৰ্মিট সিঙে সাংবাদিকৰ আগত নিজৰ মত ব্যক্ত কৰি কয় যে, তেওঁ নিজে ৰন্ধন কলাৰ ওপৰত লাভ কৰা অভিজ্ঞতা আৰু অনুভৱখিনি সমল হিছাপে লৈ তেওঁ ডিফুৰ নিবণুৱা যুৱক-যুৱতী সকলৰ হিতাৰ্থে ডিফুত এই প্ৰতিষ্ঠান মুকলি কৰিছে ৷ কম ব্যয়তে এই প্ৰতিষ্ঠানখনত স্থানীয় যুৱক-যুৱতী সকলে ৰন্ধনকলাৰ জ্ঞান আহৰণ কৰি দক্ষতা বিকাশৰ সুযোগ লাভ কৰিবলৈ সক্ষম হব ৷