SI জোনমণি ৰাভা (Jonmoni Rabha)ৰ গাড়ী আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষ স্বচক্ষে দেখা বুলি দাবী কৰি সাংবাদিকৰ আগত বিস্ফোৰক মন্তব্য কৰা বোকাখাতৰ ৰজাবাৰীৰ যুৱক প্ৰনৱ দাস (Pranab Das) বৰ্তমান চিআইডি (CID custody)-ৰ জিম্মাত। বুধবাৰে নিশা বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকৰ আগত দুৰ্ঘটনাৰ কথা বিস্তাৰিত ভাৱে ব্যাখ্যা কৰি বিস্ফোৰক মন্তব্য দিয়াৰ পাছৰে পৰা দীৰ্ঘসময়ৰ ৰহস্যজনক নিৰুদ্দেশৰ পাছত আজি বিয়লি প্ৰনৱৰ নাটকীয় আত্মপ্ৰকাশে সমগ্ৰ বিষয়টো অধিক ৰহস্যঘন কৰি তুলিছে।
উল্লেখ্য যে বুধবাৰে নিশাৰ পৰা বৃহস্পতিবাৰৰ দিনটো প্ৰনৱৰ নাছিল কোনো শুংসূত্ৰ। সম্ভৱতঃ যুৱকজনৰ ভাষ্য সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত কোনো কাৰণত ভিতিগ্ৰস্ত হৈছিল তেওঁ। জানিব পৰা মতে যোৱা বুধবাৰে নিশা ডেৰ বজাত যুৱকজন ওলাইছিল গৈ গেলেকীৰ জেঠায়েকৰ ঘৰত। কিন্তু জেঠায়েকে তেওঁক থাকিবলৈ দিয়া নাছিল।
এই সন্দৰ্ভত পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰনৱৰ ঘৰলৈ আৰক্ষী গৈ যুৱকজন ক’ত আছে সোধপোছ কৰে যদিও পৰিয়ালৰ লোকে ঘৰত নাই বুলি জানিবলৈ দিয়ে।ৰহস্যঘন দুৰ্ঘটনাটোৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকজনৰ কোনো সম্ভেদ নোপোৱা ঘটনায়ো বৃহস্পতিবাৰৰ দিনটো ৰহস্যৰ আৱৰ্তত ৰাখে। কিন্তু হঠাতে বৃহস্পতিবাৰে বিয়লি যুৱকজনক গুৱাহাটীৰ এটা ব্যক্তিগত চেটেলাইট টিভি চেনেলৰ কাৰ্যালয়ৰ পৰা চি আই ডি-এ নিজৰ জিম্মালৈ আনে। কিন্তু বুধবাৰে নিশা সাংবাদিকৰ আগত মন্তব্য দি নিৰুদ্দেশ হৈ থকা প্ৰনৱ দাস সকলোৰে অগোচৰে বোকাখাতৰ ৰজাবাৰীৰ পৰা গুৱাহাটী গৈ ওলোৱাৰ কথাই সম্প্ৰতি বিষয়টো জটিল কৰি তুলিছে।
গুৱাহাটীত প্ৰনৱ দাসক সাংবাদিকে পৰৱৰ্তী সময়ত প্ৰনৱৰ মন্তব্য সলনি হ’ব পাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত প্ৰনৱে ক’ব লগীয়াখিনি ইতিমধ্যে কোৱা হ’ল বুলি মন্তব্য কৰে। পৰৱৰ্তী পৰ্যায়ত চি আই ডিৰ জিম্মাত প্ৰনৱৰ ভাষ্য অথবা ভূমিকাই জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ অনুসন্ধানত কেনে প্ৰভাৱ পেলাব সেয়া সম্প্ৰতি লক্ষণীয় হৈ পৰিছে।