ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটিলে প্ৰশাসনে চকু মুদি থাকিব নোৱাৰে। এই কথা বুধবাৰে মণিপুৰ হিংসাৰ গোচৰত উচ্চতম ন্যায়ালয়ে (Supreme Court of Manipur Violence) কয়। লগতে উচ্চতম ন্যায়ালয়ে অৱগত কৰে যে প্ৰশাসকসকলে যাতে চকু মুদি নাথাকে সেইটো আদালতে নিশ্চিত কৰিব। ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ে জানিব বিচাৰিছে যে হিংসাৰ দ্বাৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰভাৱিত লোকসকলক সুৰক্ষা আৰু পুনৰ্বাসন প্ৰদানৰ (Providing protection and rehabilitation) বাবে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে।
বুধবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে কয় যে ৰাজ্যৰ মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে মণিপুৰ উচ্চ ন্যায়ালয়ে লোৱা সিদ্ধান্তত তেওঁলোকে হস্তক্ষেপ কৰিব নিবিচাৰে। কিন্তু একে সময়তে দেশৰ উচ্চতম ন্যায়ালয়ে কয় যে মণিপুৰ উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠৰ যিকোনো সিদ্ধান্তৰ বিৰুদ্ধে কুকি আৰু অন্যান্য অনুসূচিত জনজাতিসকলে বিচাৰপীঠত আবেদন কৰিব পাৰে।
ন্যায়াধীশ চন্দ্ৰচুড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে বুধবাৰে পৰ্যবেক্ষণ কৰি কয়, “আইন-শৃংখলা বজাই ৰখাটো ৰাজ্য চৰকাৰৰ দায়িত্ব। উচ্চতম ন্যায়ালয়ে কেৱল ৰাজনৈতিক প্ৰশাসকসকলে যাতে এই পৰিস্থিতিৰ প্ৰতি চকু মুদি বহি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব বিচাৰিছে।” মণিপুৰৰ পাহাৰীয়া অঞ্চলৰ জনজাতীয় গাঁওসমূহত শান্তি বজাই ৰাখিবলৈ ৰাজ্যৰ মুখ্য সচিবক দায়িত্ব অৰ্পণ কৰিছে আদালতে। আদালতক দিয়া প্ৰতিবেদনত মণিপুৰ চৰকাৰে কয় যে হিংসাৰ বলি হোৱা কমেও ৪৬ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। ৰাজ্য এৰি অন্য ঠাইলৈ যাব বিচৰা ৩ হাজাৰ লোককো যোৱাৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে বুধবাৰে উচ্চতম ন্যায়ালয়ে নতুন প্ৰতিবেদন দাখিল কৰিবলৈ কয়।
উত্তৰ-পূবৰ ৰাজ্য মণিপুৰত যোৱা কেইদিনমানৰ পৰা মেইটেইসকলে অনুসূচিত জাতি শ্ৰেণীত অন্তৰ্ভুক্তিৰ দাবী আৰু তাৰ প্ৰতিবাদত পদযাত্ৰাৰ ফলত উত্তপ্ত হৈ পৰে। মণিপুৰৰ হিংসাত্মক ঘটনাত এতিয়ালৈকে ৫০ জন লোকৰ মৃত্যু হোৱা বুলি চৰকাৰে জানিবলৈ দিছে। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে এই হিংসাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।