নৰেন্দ্ৰ মোডী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি (Modi govt’s ninth anniversary) উপলক্ষে নতুন সংসদ ভৱন উদ্বোধন (Inauguration of new Parliament House) কৰা হʼব। ২০১৪ চনৰ ২৬ মেʼত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল মোডীয়ে। চৰকাৰী সূত্ৰ অনুসৰি, চলিত মাহৰ উক্ত দিনটোত বা তাৰ ওচৰা-ওচৰি কোনোবা এটা দিনত নতুন সংসদ ভৱনটো উদ্বোধন কৰা হʼব।
প্ৰধানমন্ত্ৰীয়ে ২০২০ চনৰ ডিচেম্বৰ মাহত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে। ৯৭০ কোটি টকা ব্যয় সাপেক্ষে ৰাইচিনা পাহাৰৰ এই নতুন সংসদ ভৱনটো ‘চেণ্ট্ৰেল ভিষ্টা’ পুনৰ উন্নয়ন প্ৰকল্পৰ অংশ। ২০২০ চনত টাটা প্ৰজেক্টছ লিমিটেডক এই নতুন সংসদ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল। ৬৫ হাজাৰ বৰ্গমিটাৰ এলেকাত নিৰ্মিত ত্ৰিকোণীয়া নতুন সংসদ ভৱনটোত এটা বৃহৎ হল, এটা পুথিভঁৰাল, যথেষ্ট পাৰ্কিং স্থান আৰু কেইবাটাও সভাকক্ষ আছে।
চাৰি মহলীয়া ভৱনটোৰ মূল অধিবেশন হলত মুঠ ১২২৪ জন সাংসদ বহিব পাৰিব। ফলত যৌথ অধিবেশনৰ সময়ত সকলো সাংসদক সহজে ঠাই দিব পৰা যাব। আন সময়ত তাত লোকসভাৰ অধিবেশন হʼব। নতুন ভৱনটোত সংবিধান হল নামৰ এটা বৃহৎ হল আছে। তাত ১৯৪৭ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা ভাৰতীয় আকাশত গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰ ওপৰত আলোকপাত কৰা হৈছে। তাত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা ‘চিত্ত জেঠা বৈষুণ্য’ৰ ইংৰাজী অনুবাদ আছে।
বিজেপিৰ এক সূত্ৰই জনোৱা মতে, কৰ্ণাটক নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘পৰাজিত ভাবমূৰ্তি’ মেৰামতিৰ বাবে দলটোৱে কাম কৰি আছে। আৰু তাৰ বাবে বাছনি কৰা হৈছে মোডী চৰকাৰৰ নৱম বাৰ্ষিকী। ৩০ মেʼৰ পৰা কেন্দ্ৰৰ ‘সফলতা’ প্ৰচাৰৰ বাবে সমগ্ৰ দেশতে ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে। ৩০ জুন অৰ্থাৎ অহা এমাহলৈকে এই অভিযান নিৰৱচ্ছিন্নভাৱে চলি থাকিব।