ৰণবীৰৰ ‘বেবী গাৰ্ল’! ৰণবীৰে (Ranveer) দীপিকা (Deepika)ক চুমাৰে উপচাই দি ছচিয়েল মিডিয়া (Social media)ত লিখিছে, “গোটেই পৃথিৱীখন তোমাৰ ভৰিৰ তলত আছে। মোৰ বেবী গাৰ্ল (Baby Girl)জনীক লৈ মই গৌৰৱান্বিত।” দুয়োৰে মাজৰ ৰসায়নে নেটিজেনৰ হৃদয় জয় কৰিছে। কোনোবাই লিখিছে ‘কিউটিজ’। কোনোবাই আকৌ লিখিছে ‘লাকী মেন’। এজন অনুৰাগীয়ে অভিনেতাজনক কয়, ‘তুমি মোৰ দিন বনাই দিলা ৰণবীৰ’।
আন এজন অনুৰাগীয়ে আবেগিকভাৱে লিখিছে, ‘এগৰাকী পত্নীয়ে স্বামীৰ পৰা আৰু কি বিচাৰিব পাৰে’। দীপিকাই ৰণবীৰৰ ইনষ্টাগ্ৰাম পোষ্টটো শ্বেয়াৰ কৰে। তাত লিখিছে, ‘my happy place’। বহু সমালোচকে আকৌ ‘বেবী গাৰ্ল’ৰ সম্বোধনত ভিন্ন অৰ্থ বিচাৰিছে!