ASSAM TIMES POST
গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে ৫ ডিচেম্বৰত দিছপুৰ লাষ্টগেটত গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সোমবাৰে গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তিৰ সদৰত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰী কৰে সংগঠনটোৰ উপদেষ্টা অখিল গগৈয়ে। ইয়াৰোপৰি মঙলবাৰে সন্ধিয়া সংগঠনটোৱে গুৱাহাটী ক্লাবৰপৰা জোঁৰ সমদল বাহিৰ কৰিব বুলি তেওঁ ঘোষণা কৰে। শেহতীয়াভাৱে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত ‘কেব’ সম্পৰ্কত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ সৈতে কৰা আলোচনাৰ প্ৰসংগ টানি আনি তেওঁ কয় যে এয়া ভেকো ভাওনাৰ বাহিৰে আন একো নহয়। তেওঁ কয় যে পূৰ্বতকৈ সংশোধিত বিধেয়কখন অধিক ভয়াৱহ হৈ উঠিব। বিধেয়কখনক লৈ আপোচ কৰা অসম গণ পৰিষদৰ নেতৃত্বক সমালোচনা কৰি তেওঁ কয় যে অগপই বিবেক বিক্ৰী কৰিছে বিজেপিৰ ওচৰত। অখিলে বিধেয়কখন সম্পৰ্কত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অমিত শ্বাহক কোৱা কথাৰ বাবে মহিলাৰীকো সমালোচনা কৰি ক্ষমতা লোভী আখ্যা দিয়ে।