ASSAM TIMES POST
গুৱাহাটীঃ গুৱাহাটীৰ কাহিলীপাৰাস্থিত কেন্দ্ৰীয় ফৰেণছিক বিজ্ঞানাগাৰটো অধিক কাৰ্যক্ষম হিচাপে গঢ়ি তুলিব কেন্দ্ৰীয় চৰকাৰে। জানিবপৰা মতে, উক্ত পৰীক্ষাগাৰটোত গুৰুতৰ পৰীক্ষাসমূহ কৰা যায় যদিও অধিক গুৰুতৰ পৰীক্ষাৰ কাৰণে দেশৰ বিভিন্ন প্ৰান্তত অৱস্থিত ফৰেণছিক লেবলৈ নমুনাসমূহ প্ৰেৰণ কৰি অহা হৈছে। ইয়াৰ বাবে উদ্ভৱ হোৱা সমস্যাসমূহ দূৰীকৰণৰ বাবেই উক্ত বিজ্ঞানাগাৰটো উন্নীতকৰণৰ সিদ্ধান্ত শেহতীয়াভাৱে লোৱা হৈছে। এয়া হৈ উঠিলে অত্যন্ত গুৰুতৰ আৰু জঘন্য অপৰাধসমূহৰ পৰীক্ষা গুৱাহাটীতে কৰিব পৰাটো সম্ভৱ হৈ উঠিব। দেশৰ মুঠ ৬ টা এনে বিজ্ঞানাগাৰ উন্নীতকৰণৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই। গুৱাহাটীৰ ওপৰিও চণ্ডীগড়, হায়দৰাবাদ, কলকাতা, ভূপাল আৰু পুনেস্থিত কেন্দ্ৰীয় ফৰেণছিক বিজ্ঞানাগাৰ কেইটাও সেয়ে অধিক কাৰ্যক্ষম হৈ উঠিব শীঘ্ৰেই।