![]()
মহাৰাষ্ট্ৰৰ (Maharastra) নিৰ্দেশনাৰ দৰেই আজিও সকলো পক্ষই দিল্লী সন্দৰ্ভত সৰ্বোচ্চ নিৰ্দেশনাৰ ওপৰত চকু ৰাখিছিল। দেশৰ শীর্ষ আদালতে দিল্লীৰ প্রশাসনিক কাম-কাজত এতিয়াৰে পৰা দিল্লী চৰকাৰে (Delhi Government) সকলো ধৰণৰ সিদ্ধান্ত লʼব বুলি নির্দেশ দিয়ে৷ অর্থাৎ কেন্দ্র আৰু দিল্লী চৰকাৰৰ মাজত এতিয়ালৈকে সৃষ্টি হোৱা সংঘাতৰ পৰিৱেশক লৈ আদালতে ৰায় দিয়ে৷

ইয়াৰ পূৰ্বে কেইবাবাৰো দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সংঘাতৰ পৰিৱেশ সৃষ্টি হৈছে। কেজৰিৱালৰ বক্তব্য আছিল যে কেন্দ্রই উপ-ৰাজ্যপালৰ জৰিয়তে চৰকাৰৰ কাম-কাজত বাৰে বাৰে হস্তক্ষেপ কৰি আছে৷
২০১৮ চনৰ পৰা উপ-ৰাজ্যপালৰ ক্ষমতা আৰু দিল্লী চৰকাৰৰ সীমাবদ্ধতাৰ বিৰুদ্ধে আদালতৰ গোচৰ চলি আছে। অৱশ্যে আজি ৰায় ঘোষণা কৰি আদালতে কয় যে ৰাজ্যপালগৰাকীয়ে চৰকাৰৰ নিৰ্দেশ মানি চলিব। প্ৰয়োজন হʼলে পৰামৰ্শ দিব পাৰে। কিন্তু ৰাজ্যৰ জনসাধাৰণে ভোটদান কৰি ক্ষমতালৈ অনা চৰকাৰখনে ৰাজ্যৰ সকলো প্ৰশাসনিক সিদ্ধান্ত লʼব।










