ইমৰাণ খান (Imran Khan)ৰ গ্ৰেপ্তাৰৰ পিছতে পাকিস্তান অশান্ত (Pakistan is troubled) হৈ পৰিছে। আনহাতে, অশান্ত পাকিস্তানৰ হিংসাত্মক প্ৰতিবাদৰ লেলিহান শিখাই আগুৰি ধৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বাসগৃহ। ইমৰাণৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে লাহোৰত শ্বাহবাজৰ ঘৰত আক্ৰমণ চলায় পাকিস্তান তেহৰিক-এ-ইনছাফৰ সমৰ্থকে। অৱশ্যে সেই সময়ত শ্বাহবাজ আৰু তেওঁৰ পৰিয়ালৰ লোক ঘৰত নাছিল।
লাহোৰ আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে পুৱা ৫০০ৰো অধিক পিটিআই সমৰ্থকে মডেল টাউনৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ ইমৰাণৰ মুক্তিৰ দাবীত শ্লোগান দিবলৈ আৰম্ভ কৰে। ঘৰৰ সন্মুখত থিয় হৈ থকা এখন গাড়ীতো জুই লগাই দিয়ে। লাহোৰৰ এগৰাকী আৰক্ষী বিষয়াই সংবাদ সংস্থা পিটিআইক জনাইছে যে ইমৰাণৰ সমৰ্থকে প্ৰধানমন্ত্ৰীৰ ঘৰৰ ভিতৰত একাধিক পেট্ৰোল বোমা নিক্ষেপ কৰে।
আৰক্ষী বিষয়াগৰাকীয়ে কয় যে আক্ৰমণৰ সময়ত শ্বাহবাজৰ ঘৰত কেৱল নিৰাপত্তাৰক্ষীহে উপস্থিত আছিল। আন্দোলনকাৰী পিটিআই কৰ্মী-সমৰ্থকে লাহোৰৰ এটা আৰক্ষী চকীত অগ্নিসংযোগ কৰে। প্ৰধানমন্ত্ৰীৰ বাসগৃহ পোৱাৰ পূৰ্বে আন্দোলনকাৰীয়ে পাকিস্তানৰ শাসকীয় পিএমএল-এন সচিবালয়কো আক্ৰমণ কৰে। তাতে জুইও লগাই দিয়ে। অৱশ্যে আৰক্ষীৰ বৃহৎ বাহিনী সেই স্থানত উপস্থিত হোৱাৰ লগে লগে প্ৰতিবাদকাৰীসকলে পলায়ন কৰে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বিগত দুদিনত প্ৰতিবাদকাৰীয়ে ১৪টা চৰকাৰী অট্টালিকা আৰু ২১খন আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰিছে।মঙলবাৰে ইমৰাণক পাকিস্তান সেনাই ভূমি হস্তান্তৰৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত ইছলামাবাদকে ধৰি কেইবাখনো চহৰত উত্তেজনাৰ সৃষ্টি হয়। তাৰ পিছৰে পৰা সমগ্ৰ পাকিস্তানত পিটিআই কৰ্মী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষত কমেও সাতজন লোকৰ মৃত্যু হৈছে আৰু ৩০০ৰো অধিক লোক আহত হৈছে। ইছলামাবাদকে ধৰি পাকিস্তানৰ কেইবাখনো চহৰত ১৪৪ ধাৰা জাৰি কৰা হৈছে।